শুকুৰবাৰে ডুবাইত অনুষ্ঠিত আই পি এল ২০২১ ৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ (কে কে আৰ) বিৰুদ্ধে ২৭ ৰাণৰ জয় লাভ কৰাৰ লগে লগে চেন্নাই চুপাৰ কিংছে (চিএছকে) তেওঁলোকৰ চতুৰ্থ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খিতাপ দখল কৰিবলৈ সক্ষম হয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) সভাপতি সৌৰভ গাংগুলীৰ লগতে ব’ৰ্ডৰ সচিব জয় শ্বাহে চিএছকেৰ অধিনায়ক এম এছ ধোনীক বিজয়ী ট্ৰফী প্ৰদান কৰাৰ পিছতে বিজয় উৎসৱ পালন কৰে খেলুৱৈ আৰু অনুৰাগীসকলে।
উল্লেখ্য যে, আইপিএলৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে ট্ৰফী নিজ হাতলৈ নিবলৈ সক্ষম হয় অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। চিএছকে সৰ্বাধিক আইপিএল জিকাৰ তালিকাত কেৱল মুম্বাই ইণ্ডিয়ানছৰ (এমআই) পিছত দ্বিতীয় স্থানত আছে।
গোটেই খেলখনত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত প্ৰথমে বেটিং কৰিবলৈ কোৱাৰ পিছত চিএছকে সম্পূৰ্ণ নিয়ন্ত্ৰণত দেখা গৈছিল। অপেনাৰ ফাফ ডু প্লেচিছ আৰু ৰিতুৰাজ গায়কৱাডে চিএছকেক এক সুন্দৰ ভেটি প্ৰদান কৰে। অপেনাৰদ্বয়ে খেলৰ আৰম্ভণিতে দলটোক প্ৰদান কৰে এক নিৰ্ভৰযোগ্য স্কৰ। যাৰ ফলত নিৰ্ধাৰিত ২০ অভাৰত তিনি উইকেত হেৰুৱাই ১৯২ ৰাণ সংগ্ৰহ কৰে ধোনী বাহিনীয়ে।
চিএচকেৰ অধিনায়ক ধোনীৰ বাবে একমাত্ৰ উদ্বেগজনক সময়টো কেকেআৰৰ অপেনাৰ বেটছমেন ভেঙ্কটেশ আয়াৰ আৰু শুভমান গিলৰ মাজত এক দৃঢ় অপেনিং অংশীদাৰিত্বৰ সময়ত ঘটে। অৱশ্যে, তেওঁলোকৰ হাতত উইকেট থকা স্বত্বেও, কেকেআৰে মাজ আৰু অন্তিম অভাৰত ৰাণ বৃদ্ধি কৰিবলৈ ব্যৰ্থ হয়। চিএছকেৰ দুৰ্দান্ত বলিংৰ সন্মুখত স্থবিৰ হৈ পৰে কেকেআৰৰ গতি।
কেকেআৰ বেটছমেনসকলে প্ৰত্যুত্তৰত মাত্ৰ ৯ উইকেতৰ বিনিময়ত ১৬৫ ৰং সংগ্ৰহ কৰিবলৈ সক্ষম হয়।