নগাঁও-ৰাঙলুত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তজাতিক দিৱস উদযাপন

নগাঁৱত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰুদ্ধী আন্তজাতিক দিৱসটি উদযাপন কৰা হয় ৷ জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত আয়োজিত হোবা দিৱসটিত কালি পুৱা ১০ বজাত নগাঁও ফৌজদাৰীপট্টিস্থিত দ্ৰোৰ্ণাচাৰ্য্য উচ্চ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালৰ ছাত্ৰছাত্ৰী সকলৰ সহযোগত বিদ্যালয়ৰ প্ৰাংগনৰ পৰা এটি পদযাত্ৰাও উলিওৱা হয় ৷

পদযাত্ৰাটি মুকলি কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ বিশ্বজিৎ চক্ৰৱৰ্তীয়ে ৷ অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মুনমী নেওঁগ,দ্ৰোৰ্ণাচাৰ্য্য উচ্চ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ
শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷ ইয়াৰ পাছতে বিদ্যালয়ৰ সভাকক্ষত এখন সজাগতা সভা সম্পন্ন হয় ৷

সজাগতা সভাখনিত উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মুনমী নেওঁগে উপস্থিত বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলক সাম্প্ৰতিক সময়ত ড্ৰাগছৰ ভয়াৱহতাৰ বাবে সমাজত ঘটি থকা বিভিন্ন সমস্যা সমূহৰ ওপৰত বিষদভাৱে ব্যাখ্যা আগবঢ়াই ছাত্ৰছাত্ৰী সকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ হবলৈ আহ্বান জনাই ৷ আনহাতে,জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ সহযোগত আয়োজিত হয় এখনি সজাগতা সভা ৷

উক্ত সভাখনিত উপস্থিত থাকে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মুনমী নেওঁগ,গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদ্দেষ্টা চিৰাজউদ্দিন আহমেদ,সমাজকৰ্মী
,শিক্ষাবিদ-জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাকে প্ৰমুখ্য কৰি আন আন বিশিষ্ট লোক সকলৰ লগতে গ্ৰাম বিকাশ পৰিষদৰ আৱাসী সকল ৷

By Priyanka Bhowmick

Leave a Reply

Your email address will not be published. Required fields are marked *