গৰৈমাৰী ষ্টেডিয়ামত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী

90

অসম হকীৰ তত্ত্বাৱধানত চৰাইদেউ জিলাৰ মাহমৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ হৈছে ১৪ সংখ্যক ছিনিয়ৰ আন্তঃজিলা মহিলাৰ হকী চেম্পিয়নশ্বিপ ।

মঙলবাৰে প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে । এই অনুষ্ঠানত উপস্থিত থাকে অসম হকীৰ সম্পাদক তপন দাস, মহমৰা ক্ৰীড়া সন্থাৰ সভাপতি লোকনাথ কোঁৱৰ, সাধাৰণ সম্পাদক মণ্টু কোঁৱৰ, উপদেষ্টা প্ৰাক্তন সন্তোষ ট্ৰফী খেলুৱৈ অনিল বৰগোহাঁইকে ধৰি বহু বিশিষ্ট লোক ।

প্ৰতিযোগিতাৰ উদ্ধোধনী মেচত ঘৰুৱা দল চৰাইদেউৱে ৩-০ গ’লত পৰাস্ত কৰে ধেমাজিক । গ’ল কেইটা দিয়ে লক্ষীমণি কৰ্মকাৰ, পূজা গোৱালা আৰু বেগম আখতাৰ জাহানে ।
আনবোৰ মেচৰ ভিতৰত শিৱসাগৰে তিনিচুকীয়াক ৩-১, বঙাইগাঁৱে হোজাইক ২-০, শদিয়াই হাইলাকান্দিক ৩-১, গুৱাহাটীয়ে তেজপুৰক ১-০ আৰু নগাঁৱে লখিমপুৰক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ।

মুঠ ১৬ টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ বাবে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই বিশেষ উদ্যোগ গ্ৰহণ কৰি অত্যন্ত কম সময়ৰ ভিতৰতে ডিমা হাছাও দলটো গঢ়ি তুলিছে ।