টিকেএমে জেডএক্স(অ) গ্ৰেডত উপলব্ধ ইনোভা হাইক্ৰছৰ এক্সক্লুছিভ সংস্কৰণ মুকলি

টয়োটা কিৰ্লস্কাৰ মটৰ (টিকেএম)-এ গ্ৰাহক-প্ৰথম দৰ্শনৰ প্ৰতি সততা অব্যাহত ৰাখি জেডএক্স(অ’) গ্ৰেডত উপলব্ধ ইনোভা হাইক্ৰছৰ এক্সক্লুছিভ এডিচন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইনোভা হাইক্ৰছৰ উল্লেখযোগ্য সফলতাৰ ওপৰত ভিত্তি কৰি এই নতুন ৰেণ্ডিচনে অনন্য অফাৰসমূহ: ডুৱেল টোন এক্সটেৰিয়ৰ: ব্লেক এলিমেণ্ট, ফ্ৰণ্ট আণ্ডাৰ ৰান, ফ্ৰণ্ট গ্ৰীল গাৰ্নিছ, হুইল আৰ্ক মল্ডিং, আউটছাইড ৰিয়েৰ ভিউ মিৰ’ৰ (অ’ভিআৰএম) গাৰ্নিছ, এক্সক্লুছিভ বেজ, ৰিয়েৰ আণ্ডাৰ ৰান, ৰিয়েৰ ড’ৰ ক্ৰ’ম লিড গাৰ্নিছ আৰু ডুৱেল টোন ইণ্টেৰিয়ৰ: এয়াৰ পিউৰিফায়াৰ, লেগ ৰুম লেম্প, ৱায়াৰলেছ চাৰ্জাৰ আদিৰ জৰিয়তে আকৰ্ষণীয় ষ্টাইল আৰু বৰ্ধিত কেবিন অভিজ্ঞতা প্ৰদান কৰিছে।

প্ৰতিটো যাত্ৰাক চকাৰ আঁৰৰ ব্যক্তিজনৰ দৰেই স্বতন্ত্ৰ কৰি তুলিবলৈ প্ৰস্তুতত জেডএক্স(অ’)ৰ ইনোভা হাইক্ৰছ এক্সক্লুছিভ এডিচন ২০২৫ৰ মে’ মাহৰ পৰা ২০২৫ৰ জুলাইলৈকে ছুপাৰ হোৱাইট আৰু পাৰ্ল হোৱাইট ৰং দুটাত সীমিত পৰিমাণত উপলব্ধ হ’ব। টয়োটা কিৰ্লোস্কাৰ মটৰৰ বিক্ৰী-সেৱা-ব্যৱহৃত কাৰ ব্যৱসায়ৰ উপাধ্যক্ষ ৱাৰিন্দৰ ৱাধৱাই এই বিষয়ে সদৰি কয় যে, “ইনোভা হাইক্ৰছে এমপিভিৰ বিশালতাৰ সৈতে এছ ইউভিৰ অনুপাত আৰু বহনক্ষমতাৰ বাবে ধাৰাবাহিকভাৱে গ্ৰাহকৰ শক্তিশালী প্ৰশংসা লাভ কৰিছে আৰু ব্ৰেণ্ডটোৰ ওপৰত নিজৰ অবিৰত আস্থাৰ বাবে আমি সঁচাকৈয়ে কৃতজ্ঞতাবোধ কৰিছোঁ।”

টয়োটাৰ শ্ৰেণী-আগশাৰীৰ সুবিধা যেনে পাৱাৰ্ড অট’মান দ্বিতীয় শাৰীৰ আসন, ফ্ৰণ্ট ভেণ্টিলেটেড ছীট, ডুৱেল জ’ন এয়াৰ কণ্ডিচনিং, পেনোৰামিক চানৰুফ, টয়োটা সুৰক্ষা চেঞ্চটিএম আৰু সংযোজিত ইনফ’টেইনমেণ্ট অভিজ্ঞতাৰ সৈতে ইন’ভা হাইক্ৰছে প্ৰিমিয়াম এমপিভি শাখাত নতুন মানদণ্ড স্থাপন কৰিছে, যি সমগ্ৰ ভাৰতত আমাৰ গ্ৰাহকসকলক আনন্দিত কৰিছে। সকলো টয়োটা ডিলাৰশ্বিপত এতিয়া বুকিং খোলা আছে। গ্ৰাহকসকলে https://www.toyotabharat.com/ যোগে এতিয়াই অনলাইন বুকিং কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *