ইণ্ডিয়াস্কিলছ প্ৰতিযোগিতাৰ বাবে পঞ্জীয়নৰ সময়সীমা বৃদ্ধি

এমএছডিইৰ তত্বাৱধানত ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগমে(এনএছডিচি) ইণ্ডিয়াস্কিলছ ২০২৩-২৪ প্ৰতিযোগিতাত পঞ্জীয়ন কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। এই সন্মানীয় প্ৰতিযোগিতাখনে অসংখ্য দক্ষতাক উদযাপন কৰিব বিচাৰে, য’ত যোগ্য ব্যক্তিক সম্ভাৱনাময় ভৱিষ্যতৰ কল্পনা কৰিবলৈ শক্তিশালী কৰি তোলে। ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰতিযোগিতাখনৰ পঞ্জীয়নৰ সময়সীমা ২০২৪ চনৰ ১৫ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। এই প্ৰতিযোগিতাখনে পৰম্পৰাগত আৰু নতুন নিয়োগ সৃষ্টিত নিয়োগযোগ্যতা আৰু ডমেইন দক্ষতা থকা ব্যক্তিসকলৰ বাবে বিশ্বব্যাপী নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে।

স্কিল ইণ্ডিয়া ডিজিটেল ৱেবছাইটত এই অনুষ্ঠানৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে, য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগ্ৰাহী প্ৰাৰ্থী বা লোকসকলক নিজৰ প্ৰতিভা আৰু দক্ষতা প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। জিলা, ৰাজ্যিক, মণ্ডল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন, প্ৰতিযোগিতাৰ চূড়ান্ত পুৰস্কাৰ হৈছে ২০২৪ চনত ফ্ৰান্সৰ লিয়’নত অনুষ্ঠিত হ’বলগীয়া বিশ্বদক্ষতা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ।

এনএছডিচিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰীয়ে উদীয়মান বা নতুন পেছাদাৰীসকলৰ কেৰিয়াৰ আগুৱাই নিয়াৰ লগতে বিভিন্ন খণ্ডৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ইণ্ডিয়াস্কিলছৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইণ্ডিয়াস্কিলছ হৈছে এখন প্লেটফৰ্ম, যিয়ে ভাৰতক অনন্য কৰি তোলা আৰু দক্ষতাৰ ক্ষেত্ৰত চেম্পিয়ন বা সফল লোকসকলৰ বাবে এখন মঞ্চ প্ৰদান কৰা বিভিন্ন দক্ষতাসমূহ উদযাপন কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *