অসমে এনইএছএফবি আৰু শ্লাইচ একত্ৰীকৰণৰ সৈতে ভাৰতৰ প্ৰথম ফিনটেক বেংক ইউনিকৰ্ণৰ পথপ্ৰদৰ্শন কৰে

নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি) আৰু শ্লাইচৰ একত্ৰিকৰণৰ লগে লগে অসম ভাৰতৰ প্ৰথম ফিনটেক-বেংক ইউনিকৰ্ণৰ জন্মভূমি ৰূপে পৰিগণিত হোৱাৰ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। অসম চৰকাৰৰদ্বাৰা সহজসাধ্য হোৱা এই ৰূপান্তৰে উদ্ভাৱন আৰু অৰ্থনৈতিক বিকাশৰ প্ৰতি ৰাজ্যখনৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বৰ সমৰ্থিত এই একত্ৰিকৰণে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ২০০০ চাকৰি সংৰক্ষণৰ লগতে অঞ্চলটোৰ বিত্তীয় আন্তঃগাঁথনি শক্তিশালী কৰিব। উল্লেখযোগ্য যে, অসমে ষ্টাম্প ডিউটী আইন অধ্যাদেশৰ অধীনত শুল্ক-কৰৰ সীমা নিৰ্ধাৰণৰ দৰে সংস্কাৰ ৰূপায়ণ কৰি অসমক দেশৰ অন্যতম ব্যৱসায়িক অনুকূল ৰাজ্য হিচাপে গঢ়ি তুলিছে।

অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰ ৰূপে গুৱাহাটী মহানগৰেও এই অগ্ৰগতিৰ দ্বাৰা যথেষ্ট লাভান্বিত হ’বলৈ সাজু হৈছে। অহা ৫ বছৰত শ শ কোটি টকা ৰপ্তানি আৰু তিনিগুণ বিনিয়োগৰ পৰিকল্পনাৰ সৈতে এই একত্ৰিকৰণে মহিলা সবলীকৰণ, এছএমই, আত্মসহায়ক গোটৰ বিকাশ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ দৰে অগ্ৰাধিকাৰ খণ্ডত বিকাশক অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে। বৰ্ধিত বেংক সেৱা আৰু ডিজিটেল উদ্ভাৱনে স্থানীয় ব্যৱসায়ক শক্তিশালী কৰিব আৰু অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব।

এনইএছএফবিৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সতীশ কুমাৰ কালৰাই উত্তৰ-পূবৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক ঐতিহ্য সংৰক্ষণত একত্ৰিকৰণৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এনইএছএফবিৰ স্বতন্ত্ৰ সঞ্চালক মোহন যাদৱে সমগ্ৰ ভাৰতত বেংকত নিজৰ উপস্থিতিৰ সম্প্ৰসাৰণৰ সময়ত বিকশিত গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বেংকৰ প্ৰস্তুতি-পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *