ভাৰতীয় নৌসেনাই নৌ সেনাৰ নাগৰিকসকলক বীমা আৱৰণৰ বাবে বাজাজ এলিয়াঞ্জ লাইফৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰে

ভাৰতীয় নৌসেনাই বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে অসামৰিক কৰ্মচাৰীসকলৰ বাবে নিৰ্দিষ্ট লাইফ ইঞ্চুৰেন্স সমাধান প্ৰদান কৰিছে। ২০২৪ৰ ৮ অক্টোবৰত ইয়াৰ বাবে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়, যিয়ে নৌসেনাৰ সাধাৰণ নাগৰিকৰ আৰ্থিক সুৰক্ষা বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিব। ভাৰতীয় নৌসেনাৰ ভাইচ এডমিৰেল সঞ্জয় ভাল্লাই ভাৰতীয় নৌসেনাৰ ‘য়েৰ অৱ নেভাল চিভিলিয়ানছ’ পদক্ষেপৰ সৈতে সংগতি থকাৰ কথা উল্লেখ কৰি এই সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। সঞ্জয় ভাল্লাই  বাজাজ এলিয়াঞ্জ লাইফে আগবঢ়োৱা কাষ্টমাইজড বীমা পৰিকল্পনাৰ প্ৰশংসা কৰে, যিসমূহ বীমাই সুলভ আৰু ব্যাপক কভাৰেজৰ প্ৰতিশ্ৰুতি দিয়ে।

বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সৰ এমডি তথা মুখ্য কাৰ্যবাহী বিষয়া তৰুণ চুঘে এই সহযোগিতাক লৈ যথেষ্ট উত্সাহ প্ৰকাশ কৰে আৰু ভাৰতত বীমাৰ ব্যৱধান দূৰ কৰাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তৰুণ চুঘে এই বিষয়ে কয় যে, “আমি ভাৰতীয় নৌসেনাৰ নাগৰিকসকলক নিৰৱচ্ছিন্ন আৰু কাৰ্যকৰী জীৱন বীমা সমাধান প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, সাধাৰণ লোকসকলৰ জীৱনৰ লক্ষ্য পূৰণ কৰাৰ বাবে প্ৰয়োজনীয় কভাৰেজ নিশ্চিত কৰিবলৈ আমাৰ এয়া অন্যতম প্ৰয়াস।”

গুৱাহাটীৰ লগতে অসমতো বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সৰ সবল উপস্থিতি আছে, সেয়েহে এই ইতিবাচক পদক্ষেপে অসামৰিক লোকসকলৰ মাজত জীৱন বীমাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত সুলভ আৰু অনুকূলিত আঁচনিৰ চাহিদা বৃদ্ধি হ’ব। গুৱাহাটীৰ বৰ্ধিত বীমা বজাৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বিত্তীয় পৰিকল্পনা আৰু নিৰাপত্তাৰ বৰ্ধিত ট্ৰেণ্ডকে প্ৰতিফলিত কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *