বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হোৱা এক কৰুণ বিমান দুৰ্ঘটনাত কমেও ২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে ভুক্তভোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে চিকিৎসা বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে। সোমবাৰে প্ৰকাশ পোৱা এক আনুষ্ঠানিক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়(এমইএ)-এ ঘোষণা কৰিছে যে, “প্ৰয়োজনীয় চিকিৎসা সহায়ৰ সৈতে জুইয়ে পোৰা সমস্যাৰ অভিজ্ঞতাৰে পুষ্ট বাৰ্ন-স্পেচিয়েলিষ্ট চিকিৎসক আৰু নাৰ্ছৰ এটা দলে ভুক্তভোগীসকলৰ চিকিৎসাৰ বাবে অচিৰে ঢাকালৈ যাত্ৰা কৰিব।” মন্ত্ৰালয়ে লগতে কয় যে, “চিকিৎসা কৰ্মীৰ দলটোৱে আহতসকলৰ অৱস্থাৰ বুজ ল’ব আৰু প্ৰয়োজন হ’লে ভাৰতত অধিক বিশেষ চিকিৎসা আৰু যত্নৰ পৰামৰ্শ দিব।”
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় লগতে উল্লেখ কৰে যে প্ৰাৰম্ভিক গোটৰ তথ্য আৰু মূল্যায়নৰ ভিত্তিত অতিৰিক্ত চিকিৎসা দল ভাৰতে প্ৰেৰণ কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি প্ৰয়োজনৰ সময়ত বাংলাদেশক ভাৰতৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।
সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “ঢাকাত সংঘটিত এক শোকাৱহ বিমান দুৰ্ঘটনাত বহু যুৱ ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাত গভীৰভাৱে মৰ্মাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। ভাৰতে চুবুৰীয়া বাংলাদেশৰ সৈতে এই স্পৰ্শকাতৰ সময়ত থিয় দিছে আৰু সম্ভৱপৰ সকলো সমৰ্থন আৰু সহায় আগবঢ়াবলৈ সাজু হৈ আছে।”
এই মৰ্মান্তিক ঘটনাত আন্তঃৰাষ্ট্ৰীয় সহানুভূতিৰ অভিব্যক্তি আৰু সহায়ৰ প্ৰস্তাৱ অব্যাহত থকাৰ সমান্তৰালভাৱে এই শোকাৱহ দুৰ্ঘটনাটোৱে দুয়োখন ৰাষ্ট্ৰতে শোকৰ ছাঁ পেলাইছে।
