ফিফা ৰেংকিঙৰ ১১৭ তম স্থানত ভাৰত

ভাৰতীয় ফুটবল দলটোৱে বৃহস্পতিবাৰে ফিফা ৰেংকিঙত ১৫ টা স্থান অৱনমিত হৈ ১১৭ তম স্থানত উপনীত হৈছে। শেহতীয়া এএফচি এছিয়ান কাপত হতাশাজনক প্ৰদৰ্শনৰ পিছত সাত বছৰত ভিতৰত আটাইতকৈ বেয়া ৰেংকিং লাভ কৰিছে ভাৰতে। ভাৰতে এএফচি এছিয়ান কাপত তেওঁলোকৰ তিনিওখন গ্ৰুপ মেচ হেৰুৱাইছিল। ২০১৭ চনৰ জানুৱাৰীত ভাৰতৰ ১২৯ ৰ ৰেংকিঙৰ পিছত এইটো আটাইতকৈ বেয়া ৰেংকিং।

অৱশ্যে, এতিয়ালৈকে দেশৰ আটাইতকৈ বেয়া ৰেংকিং আছিল ২০১৫ চনত ১৭৩। পূৰ্বৱৰ্তী ফিফা ৰেংকিংত, ভাৰতীয় দলটো ১০২ তম স্থানত আছিল, যিটো ২১ ডিচেম্বৰ ২০২৩ত জাৰী কৰা হৈছিল। ভাৰতে পূৰ্বৱৰ্তী ৰেংকিঙৰ পৰা ৩৫.৬৩ ৰেটিং পইণ্ট হেৰুৱাইছিল। এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতৰ ৰেংকিং ২২।

প্ৰশিক্ষক ইগৰ ষ্টিমাকৰ অধীনত ভাৰতে কোনো পইণ্ট অবিহনে অষ্ট্ৰেলিয়াৰ হাতত ০-২, উজবেকিস্তানৰ হাতত ০-৩ আৰু এছিয়ান কাপত চিৰিয়াৰ হাতত ০-১ গ’লত পৰাস্ত হয় আৰু এছিয়ান কাপত গ’ল কৰিবলৈ ব্যৰ্থ হয়। ইয়াৰ সৈতে, ভাৰত চাৰিটা দলৰ গ্ৰুপ বি-ৰ নিম্ন স্থানত আছিল। বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাই শীৰ্ষ ১০ ত কোনো পৰিৱৰ্তন নোহোৱাকৈ ৰেংকিঙৰ শীৰ্ষত আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *