এইচ পি-এ ভাৰতত আগবঢ়াইছে ব্যৱসায়িক আৰু গ্ৰাহক উভয় খণ্ডৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ এআই পিচি

এইচ পি-এ ভাৰতৰ আটাইতকৈ শক্তিশালী আৰু বিস্তৃত পি চি নেক্সট জেন এআই পিচি মুকলি কৰিছে। নতুন এইচপি এলিটবুক, এইচপি প্ৰ’বুক আৰু এইচপি অমনিবুক ছিৰিজসমূহ বৃহৎ উদ্যোগ, ষ্টাৰ্টআপ আৰু খুচুৰা খণ্ডৰ ব্যৱহাৰকাৰীসকলৰ কম্পিউটিং অভিজ্ঞতা পূৰণ কৰিবলৈ ডিজাইন কৰা হৈছে। শেহতীয়া প্ৰচেছৰৰ দ্বাৰা চালিত এই পি চিসমূহত আছে – ইণ্টেল কোৰ আল্ট্ৰা ২০০ ভি ছিৰিজ, এএমডি ৰাইজেন এআই ৩০০ ছিৰিজ আৰু কোৱালকম স্নেপড্ৰেগন এক্স, এক্স এলিট, এক্স প্লাছ আদি, এই পৰ্টফলিঅ’সমূহ প্ৰতি ছেকেণ্ডত ৪০ৰ পৰা ৫৫ ট্ৰিলিয়ন অপাৰেচন (টিঅ’পিএছ) কৰিব পৰা সমৰ্পিত নিউৰেল প্ৰচেছিং ইউনিটে(এনপিইউ)ৰে সজ্জিত কৰি তোলা হৈছে।

কপিলট+ পিচি হিচাপে এইসমূহ পি চিয়ে এআইক মূল কম্পিউটিং ক্ষেত্ৰলৈ আনে, শক্তিশালী আৰু স্বজ্ঞাতভাৱে উৎপাদনশীলতা, সৃষ্টিশীলতা আৰু সহযোগিতা বৃদ্ধি কৰে। এইচ পি ইণ্ডিয়াৰ জ্যেষ্ঠ উপাধ্যক্ষ তথা পৰিচালন সঞ্চালক ঈপ্সিতা দাসগুপ্তাই এই বিষয়ে কয় যে, “ভাৰতে নিজৰ ডিজিটেল যাত্ৰাৰ এক শক্তিশালী ৰূপান্তৰৰ ক্ষেত্ৰত থিয় দিছে য’ত এআই, ক্লাউড আৰু সংযোগে একত্ৰিত হৈ আমি কেনেকৈ জীয়াই থাকোঁ, শিকো আৰু কাম কৰো সেই বিষয়সমূহক ন ৰূপত গঢ় লৈছে।” নতুনকৈ পুনৰ প্ৰস্তুত কৰা এইচ পি এলিটবুক আৰু এইচ পি প্ৰ’বুক ছিৰিজ দুটা উদ্যোগ ক্ষেত্ৰত ব্যৱহাৰকাৰীক মনত ৰাখি প্ৰস্তুত কৰা হৈছে।

এই সামগ্ৰী সূচীত আছে এইচ পি এলিটবুক ৮ (জি১আই, জি১এ), এইচ পি এলিটবুক ৬ (জি১কিউ, জি১এ) আৰু এইচ পি প্ৰ’বুক ৪ জি১কিউ। এইচ পি অমনিবুক আল্ট্ৰা ১৪”, এইচ পি অমনিবুক ৫ ১৬”, এইচ পি অমনিবুক ৭ এৰো ১৩”, এইচ পি অমনিবুক এক্স ১৪”কে ধৰি শেহতীয়া সামগ্ৰীসমূহে ব্যৱহাৰকাৰীসকলক অধিক ব্যৱহাৰ কৰিবলৈ, দ্ৰুতভাৱে সৃষ্টি কৰিবলৈ আৰু নিজৰ নিজৰ পটভূমিত নীৰৱে অবিৰতভাৱে কাম কৰা এ আইৰ সৈতে ভালদৰে সংযোগ কৰিবলৈ সক্ষম কৰি তোলে। এইচ পি ইণ্ডিয়াৰ পাৰ্ছনেল চিষ্টেম শাখাৰ জ্যেষ্ঠ সঞ্চালক বিনীত গেহানীয়ে কয় যে,  “আমি এআই কম্পিউটিঙৰ ভৱিষ্যতক ভাৰতৰ বাবে অধিক অন্তৰ্ভুক্ত আৰু প্ৰাসংগিক কৰি তুলিবলৈ পাই অতিশয় আনন্দিত।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *