ভাৰত-বাংলাদেশ নদী বাণিজ্যৰ শুভাৰম্ভণি, মালবাহী জাহাজ চলাচলৰ বাবে উদ্যোগ উচ্চায়ুক্ত প্ৰণয় বাৰ্মাৰ

যুগান্তকাৰী ক্ষণৰ সূচনাৰে আজি ভাৰত আৰু বাংলাদেশৰ মাজত গংগা নদীৰ মাজেৰে পশ্চিম বংগৰ মাইয়া আৰু বাংলাদেশৰ চুলতানগঞ্জত নদী বন্দৰ উদ্বোধনৰ লগে লগে জলপথৰ জৰিয়তে বাণিজ্য আৰম্ভ হৈছে। বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত প্ৰণয় বাৰ্মাই বাংলাদেশৰ জাহাজ পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী খালিদ মাহমুদ চৌধুৰীৰ সৈতে চুলতানগঞ্জত গোদাগ্ৰি বন্দৰ মুকলি কৰে। এই শুভাৰম্ভণিৰ দিনা ভাৰতৰ নদী বন্দৰ মাইয়া অভিমুখে এখন মালবাহী জাহাজে যাত্ৰা আৰম্ভ কৰিছে। একেসময়তে ভাৰতৰ বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে মাইয়া আভ্যন্তৰীণ শুল্ক বন্দৰৰ পৰা প্ৰথম কাৰ্গো যাত্ৰাৰ শুভাৰম্ভ কৰে।

এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰধান লক্ষ্য হৈছে পৰিবহণ ব্যয় হ্ৰাস কৰাৰ লগতে বাণিজ্যকভাৱে ভাৰত-বাংলাদেশক লাভান্বিত কৰা আৰু দুয়োখন দেশৰ মাজত সংযোগ বৃদ্ধি কৰা। এই নদী বন্দৰসমূহৰ জৰিয়তে মূলতঃ ভাৰতৰ পৰা মৰাপাট আৰু বস্ত্ৰ আমদানিৰ সমান্তৰালভাৱে ভাৰতৰ পৰা শিল, কয়লা, ফল-মূল, শাক-পাচলি, মছলাৰ দৰে সামগ্ৰীসমূহ বাংলাদেশলৈ ৰপ্তানিৰ বাবে ব্যৱহাৰৰ আশা কৰিছে।

ভাৰতীয় দূতাবাসে এক বিবৃতি জাৰি কৰি এই নদী সংযোগৰ কৌশলগত গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিছে, যাৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰই লাভান্বিত হোৱাৰ লগতে আভ্যন্তৰীণ জলপথ পৰিৱেশ তন্ত্ৰ পুনৰুজ্জীৱিত হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ উচ্চায়ুক্ত বাৰ্মাই দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনাসমূহ মুকলি কৰাৰ বাবে বহুমুখী সংযোগৰ পদক্ষেপসমূহ হাতত লৈ অৰ্থনৈতিক  উন্নয়নৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে জোৰ দিছে। তেওঁ লগতে মাইয়াৰ দুয়োফালে থকা স্থানীয় লোকসকলৰ অৰ্থনীতি উন্নীত কৰাৰ বাবে মাইয়া-চুলতানগঞ্জ নদী পথ পুনৰ মুকলি কৰাক এক আশীৰ্বাদ হিচাপে উল্লেখ কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *