আইচিআইচিআই বেংকে উন্মোচন কৰিলে ‘স্মাৰ্টলক’

95

আইচিআইচিআই বেংকে ফোন বা ই-মেইলৰ জৰিয়তে গ্ৰাহক সেৱা বিষয়াৰ পৰা সহায় অবিহনে গ্ৰাহকসকলে নিমিষতে একাধিক বেংকিং সেৱা লক/আনলক কৰিব পৰাকৈ এক অনন্য সুৰক্ষা ব্যৱস্থা ‘স্মাৰ্টলক’ মুকলি কৰিছে। আইমোবাইল পে’ত থকা ‘স্মাৰ্টলক’ বৈশিষ্ট্যই গ্ৰাহকসকলক এটা ক্লিকৰ জৰিয়তে ইণ্টাৰনেট বেংকিং, ইউপিআই, ক্ৰেডিট আৰু ডেবিট কাৰ্ড আৰু অন্যান্য বহুতো বেংকিং সেৱাৰ বাবে প্ৰৱেশ লক/আনলক কৰাৰ অনুমতি দিয়ে।

ভাৰতীয় বেংকিং খণ্ডত এই অভিনৱ ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকসকলে নিৰ্দিষ্ট বেংকিং সেৱাসমূহ নিষ্ক্ৰিয় কৰিব পাৰে আৰু প্ৰৱঞ্চনামূলক লেনদেনৰ ক্ষেত্ৰত নিষ্ক্ৰিয় কৰিব পাৰে। এই বৈশিষ্ট্যৰ জৰিয়তে গ্ৰাহকসকলে বেংকিং সেৱা লক কৰিলেও নিৰ্ধাৰিত ষ্টেণ্ডিং নিৰ্দেশনা আৰু ই-মেণ্ডেটসমূহ কাৰ্যকৰী কৰাৰ অনুমতি প্ৰদান কৰে। এই পদক্ষেপ সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ কৰি আইচিআইচিআই বেংকৰ ডিজিটেল চেনেল আৰু পাৰ্টনাৰশ্বিপ বিভাগৰ মুৰব্বী সিদ্ধাৰ্থ মিশ্ৰই কয় যে, “‘স্মাৰ্টলক’ ব্যৱস্থাৰ শুভাৰম্ভণি বেংকৰ একাধিক ‘নিৰাপদ বেংক’ পদক্ষেপৰ অন্যতম অংশ।”

আইমোবাইল পে’ত ‘স্মাৰ্ট লক’ৰ সুবিধা ব্যৱহাৰ কৰিবলৈ লগ ইন কৰক, হোম স্ক্ৰীনত নিৰ্দিষ্ট ফিচাৰটোত ক্লিক কৰক, নিজৰ আকাংক্ষিত বেংক সেৱাসমূহ নিৰ্বাচন কৰক আৰু নিশ্চিত কৰিবলৈ চোৱাইপ কৰক। অধিক তথ্যৰ বাবে অথবা এপটো ডাউনলোড কৰিবলৈ গুগল প্লে ষ্ট’ৰ বা এপল এপ ষ্ট’ৰলৈ যাওক। গ্ৰাহকসকলে এপৰ সৈতে নিজৰ বেংক একাউণ্ট লিংক কৰি ইউপিআই আইডি সৃষ্টি কৰি লেনদেন(ট্ৰেনজেকচন) আৰম্ভ কৰিব পাৰিব।