হেল্পিং চেন্টাৰ অসমৰ বৃক্ষৰোপন

74

হেল্পিং চেন্টাৰ অসমৰ কৰ্মকৰ্তাসকলে বৃক্ষৰোপন কাৰ্যসূচী সমাপন কৰে । অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা হেল্পিং চেন্টাৰ অসমৰ কৰ্মকৰ্তাসকলৰ উদ্যোগত আৰু দাবালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত খন্দকাৰপাৰা বাহাৰুল উলুম মাদ্ৰাছা আৰু খন্দকাৰপাৰা ছোৱালী হাইস্কুলত বিভিন্ন প্ৰকাৰৰ গছপুলি ৰোপন কৰি কাৰ্যসূচী সফলভাবে সম্পন্ন কৰে ।

আজিৰ এই কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে মুখ্য অতিথিৰূপে উপস্থিত থকাৰ উপৰিও হেল্পিং চেন্টাৰ অসমৰ সভাপতি খাইৰুল ইছলাম, সম্পাদক আব্বাছ আলী, খন্দকাৰপাৰাৰ বিশিষ্ট সমাজকৰ্মী হজৰত আলী আহমেদ, খন্দকাৰপাৰা বাহাৰুল উলুম মাদ্ৰাছাৰ হেড মুদাৰ্ৰিছ মহম্মদ আলী, মৌলানা শ্বহিদুল ইছলাম, মৌলানা ইছমাইল হুছেইন, সংবাদকৰ্মী আবু নাছিৰ আলমকে আদি কৰি বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে ।