এইচডিএফচি ফ্লেক্সি কেপ ফাণ্ডে ব্যতিক্ৰমী দীৰ্ঘম্যাদী লাভ প্ৰদান কৰিছে, আৰম্ভণিতে ১ লাখ টকা বিনিয়োগ কৰা ধনৰাশি ২০২৫ চনৰ ৩১ মাৰ্চলৈকে প্ৰায় ১.৮৪ কোটি টকালৈ ৰূপান্তৰিত কৰিছে। ১৯৯৫ চনৰ ১ জানুৱাৰীত আৰম্ভ হোৱা এই পুঁজিয়ে ১৮.৮২% শক্তিশালী চিএজিআৰ লাভ কৰিছে, যিয়ে এই সময়ছোৱাত নিজৰ বেঞ্চমাৰ্ক নিফটি ৫০০ টিআৰআই উন্নীত কৰিবলৈ সক্ষম হৈছে। আৰম্ভণিৰ পৰাই মাহেকীয়া ১০,০০০ টকাৰ এছআইপিৰ ধন মুঠ ৩৬.২০ লাখৰ পুঁজি এতিয়া আকৰ্ষণীয় ২০.২৪ কোটি টকা মূল্যৰ হ’ব। বিভিন্ন বজাৰ চক্ৰৰ জৰিয়তে পুঁজিৰ সামঞ্জস্যপূৰ্ণ প্ৰদৰ্শনক গুণগত কোম্পানী, মূল্যায়ন বিচক্ষণতা আৰু খণ্ডগত অৱস্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনুশাসিত বিনিয়োগ দৰ্শনৰ দ্বাৰা পৰিচালিত হৈ আহিছে।
তলৰ পৰা ওপৰলৈ(বটম-আপ) শ্বেয়াৰ বাছনিৰ কৌশল আৰু বিপদাশংকা ব্যৱস্থাপনাৰ এক গঠনমূলক পৰিকাঠামোৰ সৈতে এইচডিএফচি ফ্লেক্সি কেপ ফাণ্ডে বহনক্ষম বিকাশ আৰু স্থিতিস্থাপকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই পুঁজিয়ে আভ্যন্তৰীণ দলৰ পৰিমাণগত আৰু গুণগত গৱেষণাৰ দ্বাৰা নিৰ্দেশিত বজাৰ মূলধন আৰু খণ্ডসমূহৰ জৰিয়তে বৈচিত্ৰ্যময় কৰি তোলে। গুৱাহাটীতো বিত্তীয় উপদেষ্টাসকলে এইচডিএফচি ফ্লেক্সি কেপৰ দৰে বৈচিত্ৰ্যময় ইকুইটি পুঁজিৰ প্ৰতি বৰ্ধিত আগ্ৰহ লক্ষ্য কৰিছে, বিশেষকৈ দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ লক্ষ্যৰে যুৱ বিনিয়োগকাৰীসকলৰ মাজত জনপ্ৰিয়তা দেখা গৈছে। এই পুঁজিৰ প্ৰদৰ্শনে অঞ্চলটোত বিনিয়োগৰ প্ৰকাৰতো প্ৰভাৱিত কৰিছে, শেহতীয়াভাৱে বিনিয়োগকাৰীসকলে শৃংখলাবদ্ধ বিনিয়োগৰ বাবে এছআইপি-ৰ ফালে আগ্ৰহী হৈছে।
এইচডিএফচি এএমচিৰ এমডি এণ্ড চিইঅ’ নৱনীত মুনোতে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “এইচডিএফচি ফ্লেক্সি কেপ ফাণ্ডৰ বিগত তিনিটা দশকৰ যাত্ৰা আমাৰ সুশৃংখল বিনিয়োগ দৰ্শন আৰু বিনিয়োগকাৰীৰ সম্পদ সৃষ্টিৰ প্ৰতি অটল দায়বদ্ধতাৰ প্ৰমাণ। এই ফাণ্ডে বিভিন্ন বজাৰ চক্ৰত অভিগম্যতাৰে প্ৰতিবাৰেই শক্তিশালী হৈ উঠিছে, যিয়ে আমাৰ বিনিয়োগ প্ৰক্ৰিয়াৰ স্থিতিস্থাপকতাক প্ৰতিফলিত কৰিছে। ফাণ্ডৰ প্ৰদৰ্শনে ডেলিভাৰীৰ ওপৰত আমাৰ মনোনিৱেশক শক্তিশালী কৰে। যিয়ে আমাৰ বিনিয়োগকাৰীসকলৰ বাবে দীৰ্ঘম্যাদী মূল্য সৃষ্টি কৰে।” এইচডিএফচি এএমচিৰ জ্যেষ্ঠ পুঁজি প্ৰৱন্ধক ৰোশী জৈনে লগতে কয় যে: “আমি বিনিয়োগকাৰীসকলক এই পুঁজিৰ জৰিয়তে সম্পদ সৃষ্টি কৰাত সহায় কৰিবলৈ পাই অতিশয় আনন্দিত। বহনক্ষম বিকাশৰ ধাৰাৰ সৈতে উচ্চ মানদণ্ডৰ ব্যৱসায় চিনাক্ত কৰাৰ ওপৰত আমাৰ নিৰন্তৰ গুৰুত্বই আমাক আমাৰ বিনিয়োগকাৰীসকলৰ বাবে সম্পদ সৃষ্টি কৰিবলৈ সক্ষম কৰিছে। এইচডিএফচি ফ্লেক্সি কেপ ফাণ্ডৰ সৈতে আমি এক সন্তুলিত আৰু বৈচিত্ৰ্যপূৰ্ণ পদ্ধতিৰ জৰিয়তে উন্নত বিপদাশংকা-সমাযোজিত ৰিটাৰ্ন প্ৰদান কৰাৰ আমাৰ লক্ষ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ।”