নলবাৰীত খোৱাপানীৰ এটিএম উদ্বোধন এইচচিচিবিৰ

ভাৰতৰ আগশাৰীৰ এফএমচিজি প্ৰতিষ্ঠান হিন্দুস্তান কোকাকোলা বেভাৰেজ প্ৰাইভেট লিমিটেডে(এইচচিচিবি) ৱাই৪ডি ফাউণ্ডেশ্যনৰ সহযোগত নলবাৰীত মুকলি কৰিলে খোৱাপানীৰ এটিএম। এই ড্ৰিংকিং ৱাটাৰ এটিএমটো মুকলি কৰিলে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই। প্ৰকল্পটোৰ জৰিয়তে প্ৰায় ৪,০০০ লোকক বিশুদ্ধ খোৱা পানী প্ৰদান কৰিব।

এই পদক্ষেপ স্থানীয় লোকসকলৰ বাবে বহনক্ষম জল সুৰক্ষা আৰু অঞ্চলটোৰ সবলীকৰণৰ প্ৰচেষ্টাৰ প্ৰতি কোম্পানীটোৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখে। নলবাৰী জিলাৰ আয়ুক্ত আইএএছ বৰ্ণালী ডেকাই এই পদক্ষেপত আনন্দ প্ৰকাশ কৰি কয় যে, এইচচিচিবিয়ে নলবাৰীৰ স্থানীয় ৰাইজৰ বাবে পৰিষ্কাৰ আৰু বিশুদ্ধ পানীৰ সুবিধা যোগান ধৰি অঞ্চলটোৰ উপকাৰ সাধন কৰিছে।

ৱাটাৰ এটিএমৰ জৰিয়তে ১৫০খনতকৈও অধিক বিপণী আৰু বাণিজ্যিক প্ৰতিষ্ঠান তথা সমীপৰ প্ৰায় ৫০জন ৰাজপথৰ বিক্ৰেতা(ষ্ট্ৰীট ভেণ্ডৰ) উপকৃত হ’ব আৰু নাট্য মন্দিৰত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থকা সকলো লোককে ৫০০ লোকৰ ক্ষমতাসম্পন্ন প্ৰকল্পটোৰ পৰা পানী যোগান ধৰা হ’ব। এই পদক্ষেপে হাজাৰ হাজাৰ লোকক প্ৰভাৱিত কৰাৰ লগতে অঞ্চলটোত ইতিবাচক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *