গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাবত অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ উদ্যোগত আৰু মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ সহযোগত
কালি সাংবাদিকসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মধুমেহ আৰু ৰক্তচাপ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।

শিবিৰত মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ অভিজ্ঞ চিকিৎসক বিদ্যুত বিকাশ চৌধুৰী আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়৷ ইয়াৰ লগতে চকু পৰীক্ষা কৰে চাইট ফাৰ্ষ্ট চকু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বিজুলী গোস্বামীয়ে৷

অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ হৈ উপস্থিত থাকে উপাধ্যক্ষ জগদীশ শৰ্মা, সঞ্চালক প্ৰেমকান্ত চৌধুৰী, প্ৰশাসনিক কাৰ্যবাহ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য৷ ভট্টাচাৰ্যই জনায় যে সমবায় সমিতিৰ দ্বাৰা প্ৰদান কৰা সেৱা য’ত ৫০০ টকা ভৰ্তি মাচুলত আজীৱন ৪০ শতাংশ যিকোনো পৰীক্ষাত ৰেহাইৰ সুবিধা সাংবাদিকসকলে গ্ৰহণ কৰিব পাৰে৷

By Priyanka Bhowmick

Leave a Reply

Your email address will not be published. Required fields are marked *