গুৱাহাটীয়ে জে কে টায়াৰ চালিত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলৰ বাবে প্ৰস্তুতি চলাইছে

হঠাতে হোৱা ধুমুহা-বৰষুণক নেওচি জে কে টায়াৰে আইআইটি গুৱাহাটী চৌহদত আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে মটৰস্পৰ্টৰ আকৰ্ষণীয় ৰূপ আৰু যুৱ শক্তিৰ এক ৰোমাঞ্চকৰ মিশ্ৰণেৰে সকলোকে আপ্লুত কৰিলে। এডভেঞ্চাৰ-এক্স ফিউজন ট্ৰাইবৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানটোৱে গতি, নিৰ্ভুলতা আৰু ষ্টাণ্ট দক্ষতাৰ এক ত্ৰিবেণী সংগম প্ৰদৰ্শন কৰিছিল।
এই অনুষ্ঠানত স্ক্ৰিচিং বার্নআউটৰ পৰা আৰম্ভ কৰি গ্ৰেভিটী-প্ৰদৰ্শন কৰা ছুপাৰবাইকলৈকে, উপস্থিত থকা সকলে লেক্সাছ আৰু বিএমডব্লিউকে ধৰি ষ্টাণ্ট প্ৰদৰ্শনৰ কৰা সোপানৰ লগতে ৰোটেক্স কাৰ্টত ট্ৰেকত কাৰ্টিং চাঞ্চল্য সৃষ্টিকাৰীসকলে প্ৰদৰ্শন কৰা চমকপ্ৰদ প্ৰদৰ্শন প্ৰত্যক্ষ কৰিছিল। ভাৰতীয় ফৰ্মুলা ৪ বাহনখনে পেচাদাৰী ৰেচিং জগতৰ এক আভাস প্ৰদান কৰিছিল, যিয়ে মটৰস্পৰ্ট উপভোগৰ বাবে অপেক্ষাৰত দৰ্শকসকলক যথেষ্ট আনন্দিত কৰিছিল।
অপ্ৰত্যাশিত প্ৰতিকূল বতৰৰ মাজতো যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অনুৰাগীয়ে অংশগ্ৰহণ কৰে, এই অনুষ্ঠানটো এক চমকপ্ৰদ আতচবাজী প্ৰদৰ্শনেৰে সকলোকে সন্তুষ্টিৰে সফলতাৰে সামৰণি পৰে। আইআইটি গুৱাহাটীৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীন তথা অধ্যাপক পেৰুমল আলাগাৰস্বামীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ ওপৰত এনে অনুষ্ঠানৰ প্ৰভাৱক প্ৰশংসা কৰি ইয়াক “অভিযান্ত্ৰিক আৰু উত্তেজনাৰ এক নিখুঁত সংমিশ্ৰণ” বুলি অভিহিত কৰে। জে কে টায়াৰ মটৰস্প’ৰ্টৰ অপাৰেচন বিভাগৰ মুৰব্বী হৰি সিঙে গুৱাহাটীৰ অনুষ্ঠানক সফল আখ্যাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, “দৰ্শকৰ সৈতে সংযোগ আৰু সঁহাৰি আছিল যাদুকৰী।“ এতিয়া ২২ এপ্ৰিলত গেংটকত গ্ৰেণ্ড ফিনালেৰ বাবে সাজু হৈছে সকলো।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *