গুড নাইটৰ অধ্যয়নত প্ৰকাশ পাইছে যে পূব ভাৰতৰ ৭৩% লোকে অবৈধ মহৰ ধূপৰ লাঠি ব্যৱহাৰ কৰি অনুভৱ কৰে অস্বস্তি

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অধীনত ভাৰতৰ আগশাৰীৰ মহ বিকৃতকাৰী ব্ৰেণ্ড গুড নাইটৰ শেহতীয়া এক অধ্যয়ন প্ৰকাশ পাইছে য’ত পূব ভাৰতৰ ৭৩% লোকেই অবৈধ মহ প্ৰতিৰোধী ধূপৰ লাঠি ব্যৱহাৰ কৰি অস্বস্তি অনুভৱ কৰে। “মহ এক, ভাবুকি অনেক” শীৰ্ষক এই অধ্যয়ন ইউগভৰ দ্বাৰা মহ প্ৰতিৰোধী সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ মনোভাৱ আৰু অনিয়ন্ত্ৰিত সামগ্ৰীৰ ওপৰত বৃদ্ধি পোৱা উদ্বেগ অনুঢাৱন কৰিবলৈ এই সমীক্ষা কৰা হৈছিল। এই সমীক্ষাটোত দেখা গৈছে যে অসম, পশ্চিম বংগ, বিহাৰ, আৰু ঝাৰখণ্ডকে ধৰি পূব ভাৰতে উত্তৰ (৬৯%), দক্ষিণ (৬৭%), আৰু পশ্চিম (৬৭%) আদি অঞ্চলক অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাধিক অস্বস্তি প্ৰকাশ কৰিছে। পূব ভাৰতৰ ৫৬% লোকে নিজৰ বিকৃতকাৰী ঔষধৰ পছন্দৰ বিষয়ে অতি বিশেষভাৱে উল্লেখ কৰিছে আৰু ৭১% লোকে চৰকাৰী অনুমোদিত সামগ্ৰী ব্যৱহাৰ কৰাটো পছন্দ কৰে।

গুৱাহাটীৰ লগতে সমগ্ৰ অসমতে গ্ৰাহকে মহ বিকৃতকাৰী সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে কেন্দ্ৰীয় কীটনাশক ব’ৰ্ড আৰু পঞ্জীয়ন সমিতিৰ নম্বৰ পৰীক্ষণৰ বিষয়ে সজাগ হোৱা বুলি জানিব পৰা গৈছে। কিন্তু পূব ভাৰতৰ অবৈধ ধূপৰ লাঠিৰ বজাৰখন বৃদ্ধি পাইছে, এতিয়া ইয়াৰ মূল্য ৬০০ কোটি ₹ৰ অধিক আৰু বছৰি ২০% বৃদ্ধি পাইছে।

জিচিপিএলে উদ্ভাৱনৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰেন’ফ্লুথ্ৰিনৰ দ্বাৰা চালিত গুড নাইট ফ্লেছ লিকুইড ভেপ’ৰাইজাৰ মুকলি কৰিছে; ভাৰতৰ প্ৰথমটো থলুৱাভাৱে বিকশিত আৰু পেটেণ্টযুক্ত অণু,যিয়ে বৰ্তমানৰ অনুমোদিত প্ৰস্তুতিৰ দুগুণ কাৰ্যকৰীতা দাবী কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *