গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ কেমিকেল বিজনেছ শাখাই ছাভান্না ছাৰফেক্টেণ্টছ লিমিটেডৰ ফুড এষ্টাৰ আৰু ইমালচিফায়াৰ বিজনেছ অধিগ্ৰহণৰ বাবে কৌশলগত চুক্তিত স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে। এই অধিগ্ৰহণত অন্তৰ্ভুক্ত আছে সম্পূৰ্ণ হোৱা সামগ্ৰীৰ ৫২০০ এমটিপিএ ক্ষমতাৰ গোৱাত অৱস্থিত এক নিৰ্মাণ কেন্দ্ৰ, এই অধিগ্ৰহণ খাদ্য আৰু পানীয় খণ্ডত সামগ্ৰীৰ অফাৰ সম্প্ৰসাৰণৰ বাবে গড্ৰেজৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে।
গড্ৰেজ ইণ্ডাষ্ট্ৰিজ (কেমিকেলছ)ৰ কাৰ্যবাহী সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিশাল শৰ্মাই এই বিষয়ে কয় যে, “এই অধিগ্ৰহণ আৰু বিনিয়োগে আমাৰ বিশেষ ৰাসায়নিক ব্যৱসায় বৃদ্ধিৰ আমাৰ ৰণনীতিক সমৰ্থন কৰে আৰু বহনক্ষম বিকাশ তথা উদ্ভাৱনৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্যপূৰ্ণ।” অলিঅ’কেমিকেল, ছাৰফেক্টেণ্ট আৰু জৈৱপ্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে গড্ৰেজ ইণ্ডাষ্ট্ৰীজে নবীকৰণযোগ্য সম্পদ কেন্দ্ৰিক ৰসায়ন কৌশলৰ জৰিয়তে বহনক্ষম উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। পৃথিৱীৰ ৮০খনতকৈও অধিক দেশত কাৰ্য-কলাপ আৰু মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদন কেন্দ্ৰৰ জৰিয়তে গড্ৰেজে ঘৰুৱা আৰু ব্যক্তিগত যত্নৰ পৰা আৰম্ভ কৰি ঔষধ আৰু কৃষি ৰাসায়নিক সামগ্ৰীলৈকে উদ্যোগসমূহৰ বাবে নিৰ্দিষ্ট সমাধান আগবঢ়াই আহিছে।
অসমৰ লগতে উঃ-পূৰ্বাঞ্চলত বহনক্ষম আৰু উদ্ভাৱনীমূলক খাদ্য সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে, এই উত্থানে অঞ্চলটোত গড্ৰেজৰ স্থিতি শক্তিশালী কৰিছে। এই ইতিবাচক দিশটোৱে খাদ্য আৰু পানীয় উদ্যোগৰ স্থানীয় ব্যৱসায়সমূহৰ চাহিদা পূৰণ কৰাৰ বাবে নিজৰ সামৰ্থ্য বৃদ্ধিৰ লগতে এক পৰিষ্কাৰ, সেউজ আৰু অধিক বহনক্ষম সামগ্ৰী প্ৰদানৰ বাবে গ্ৰাহকৰ চাহিদা পূৰণ কৰাত সহায় কৰে।