গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে মুকলি কৰিলে ভাৰতৰ প্ৰথমটো স্বদেশী মহ প্ৰতিৰোধক

114

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে (জিচিপিএল) ভাৰতৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য সাফল্যৰ নিদৰ্শন দাঙি ধৰি দেশৰ প্ৰথমটো থলুৱাভাৱে বিকশিত আৰু পেটেণ্টযুক্ত মহ প্ৰতিৰোধী সামগ্ৰী ‘ৰেনোফ্লুথ্ৰিন’ মুকলি কৰিছে। নতুন গুডনাইট ফ্লেছ লিকুইড ভেপ’ৰাইজাৰত অনন্য বৈশিষ্ট্যৰে ভৰপূৰ এই উদ্ভাৱনী সামগ্ৰীবিধে বৰ্তমান বজাৰত উপলব্ধ আন যিকোনো প্ৰতিৰোধকৰ তুলনাত দুগুণ ফলপ্ৰসূ হোৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে। ৰেন’ফ্লুথ্ৰিনৰ জটিল পৰীক্ষণ কৰা হৈছে আৰু চেণ্ট্ৰেল ইনচেক্টিচাইড বৰ্ড এণ্ড ৰেজিষ্ট্ৰেচন কমিটী(চিআইবি এণ্ড আৰচি)-এ অনুমোদন জনাইছে আৰু ইয়াৰ কাৰ্যকাৰিতা তথা সুৰক্ষা নিশ্চিত কৰিছে।

মহজনিত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ভাৰতে অবৈধ আৰু পঞ্জীয়নহীন চীনৰ মহ প্ৰতিৰোধী সামগ্ৰী ওপৰত ক্ৰমাৎ নিৰ্ভৰশীলতা হৈ থকাৰ সময়তে এই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ৰেন’ফ্লুথ্ৰিনৰ মুকলিৰ লগে লগে গুৱাহাটীৰ দৰে বজাৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে, য’ত বৰ্তমানৰ সামগ্ৰীসমূহৰ ফলপ্ৰসূ কাৰ্যকাৰিতা নথকাৰ বাবে মানুহে ক্ৰমান্বয়ে শক্তিশালী অন্য মহ প্ৰতিৰোধী ফৰ্মেটলৈ ধাৱমান হৈছে। বৰ্তমান গুডনাইট ফ্লেছ লিকুইড ভেপ’ৰাইজাৰ বহনক্ষম মূল্যত আগবঢ়োৱা হৈছে, নতুন সম্পূৰ্ণ পেকৰ মূল্য ১০০ টকা, যাৰ লক্ষ্য হৈছে চহৰ আৰু গ্ৰাম্য অঞ্চলৰ বাবে একেধৰণে এক সুলভ আৰু অতি ফলপ্ৰসূ সমাধান প্ৰদান কৰা।


জিচিপিএলৰ এমডি তথা চিইঅ’ সুধীৰ সীতাপতিয়ে নতুন সামগ্ৰীবিধৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে, “ৰেন’ফ্লুথ্ৰিনে ভাৰতক মহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিছে। ৰেন’ফ্লুথ্ৰিনৰ বিস্তৃত-বৰ্ণালীৰ কাৰ্যকাৰিতা, এনোফিলিছ, ইডিছ আৰু কিউলেক্সৰ দৰে প্ৰজাতিক নাশ কৰিবলৈ ই এক তাৎক্ষণিক আৰু বহু সময়ৰ লং-লাষ্টিং সুৰক্ষা।” প্ৰথিতযশা বিকাশশীল শিশু চিকিৎসক ডাঃ সমীৰ ডালৱাইয়ে জনস্বাস্থ্যৰ সুবিধাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰিছে যে, “মহৰ দ্বাৰা সংক্ৰমিত ৰোগে স্বাস্থ্যজনিত গুৰুতৰ বিপদ আৰু অৰ্থনৈতিক বোজাৰ সৃষ্টি কৰে। ৰেন’ফ্লুথ্ৰিনৰ প্ৰৱৰ্তন এই ভাবুকিসমূহৰ বিৰুদ্ধে ফলপ্ৰসূ আৰু নিৰাপদ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ।”