নতুন দিল্লী ফ’ৰামত তৈলপাম খণ্ডক আগুৱাই নিয়াৰ বাবে চৰকাৰ-উদ্যোগৰ শক্তিশালী অংশীদাৰিত্বৰ বাবে আহ্বান গড্ৰেজ এগ্ৰ’ভেটৰ

103

নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়ান ভেজিটেবল অইল প্ৰডিউচাৰ এছচিয়েচন(পাচলি তেল উৎপাদক সন্থা)ৰ সন্মিলনত গড্ৰেজ এগ্ৰ’ভেট(জিএভিএল)ৰ তৈলপাম বাগিচা ব্যৱসায়ে সমগ্ৰ দেশৰ তৈলপাম খেতিয়কসকলক উন্নীত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু উদ্যোগ-প্ৰতিষ্ঠানৰ মাজত শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। গড্ৰেজ এগ্ৰ’ভেটৰ তৈলপাম ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া সৌগত নিয়োগীয়ে এই সন্মিলনত নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “স্বাস্থ্যৰ প্ৰভাৱৰ পৰা পাৰিপাৰ্শ্বিক উদ্বেগলৈকে তৈলপামক লৈ মানুহৰ মাজত বহুতো ভুল ধাৰণা আছে। এক উদ্যোগ হিচাপে তৈলপামক লৈ আমি আগবাঢ়িবলৈ এই সমস্যাবোৰ সামগ্ৰিকভাৱে সমাধান কৰিব লাগিব।”

সৌগত নিয়োগীয়ে ২০১৯-২০ বৰ্ষত ভোজ্য তেল – তৈলপাম(এনএমইঅ’-অ’পি)ৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰিছে। সমান্তৰালভাৱে ২০৩০ৰ ভিতৰত ৩ মিলিয়ন মেট্ৰিক টন খাৰুৱা তৈলপামৰ লক্ষ্যত উপনীত হ’বলৈ ৰাজ্য চৰকাৰসমূহৰ মাজত বৰ্ধিত সহযোগিতাৰ প্ৰয়োজন বুলি অনুভৱ কৰিছে নিয়োগীয়ে। তেওঁ লগতে আঙুলিয়াই দিয়ে যে, অন্যান্য শস্যতকৈ আঠগুণ পৰ্যন্ত অধিক তেল উৎপাদন কৰা আৰু আন্তঃশস্যৰ সহায়ক হোৱা তৈলপাম বাগিচাসমূহে ক্ষুদ্ৰ কৃষকসকলক অৰ্থনৈতিকভাৱে যথেষ্ট উপকৃত কৰিব পাৰে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ শেহতীয়া নিৰ্দেশনাই তৈলপামৰ পুষ্টিকৰ গুণাগুণক সমৰ্থন জনাই আহিছে, তৈলপামৰ সুষম চৰ্বি আৰু কলেষ্টেৰল হ্ৰাস কৰাত ভূমিকাৰ কথা বিশেষভাৱে উল্লেখ কৰিছে ICMR-এ। বজাৰ মূল্যৰ হ্ৰাস-বৃদ্ধিৰ পৰা কৃষকসকলক ৰক্ষা কৰাৰ লগতে সুস্থিৰ আয় নিশ্চিত কৰিবলৈ পলিচীসমূহত ভায়েবিলিটী গেপ ফাণ্ডিং গ্ৰহণ কৰিবলৈ নিয়োগীয়ে আহ্বান জনাইছে।

গুৱাহাটী তথা অসমৰ বজাৰতো স্থানীয় কৃষকৰ বাবে বহনক্ষম বিকল্প হিচাপে তৈলপামৰ প্ৰতি ক্ৰমান্বয়ে আগ্ৰহ বাঢ়িছে। অধিক উৎপাদন আৰু হ্ৰাস পোৱা ভূমি ব্যৱহাৰৰ জৰিয়তে অৰ্থনৈতিক লাভালাভ বৃদ্ধিৰ সম্ভাৱনা অঞ্চলটোৱে অধিক বহনক্ষম কৃষি পদ্ধতিৰ বাবে কৰা প্ৰয়াসৰ সৈতে সংগতি ৰাখে। এই ৰূপান্তৰে স্থানীয় অৰ্থনীতিক সবল কৰিব আৰু এনএমইঅ’-অ’পিৰ বিস্তৃত-বৰ্ধিত লক্ষ্যসমূহক সমৰ্থন কৰিব বুলি আশা কৰা হৈছে।