তামিলনাডুৰ থাঞ্জাভোৰত প্ৰথমটো সমাধান কেন্দ্ৰ মুকলি গড্ৰেজ এগ্ৰ’ভেটৰ; সবলীকৰণ কৰিব তৈলপাম খেতিয়কসকলক

118

গড্ৰেজ এগ্ৰ’ভেটৰ অইল পাম প্লাণ্টেচন বিজনেছে আজি তামিলনাডুৰ থাঞ্জাভোৰত কৃষকসকলক সৰ্বতোপ্ৰকাৰে সহায়ৰ মানসিকতাৰে প্ৰথমটো সমাধান কেন্দ্ৰ মুকলি কৰাৰ কথা সগৌৰৱে প্ৰকাশ কৰিছে। তৈলপাম খেতিয়কসকলক জ্ঞান, ইনপুট, সঁজুলি, সেৱা আৰু সমাধানৰ এক বিস্তৃত পেকেজ প্ৰদান কৰা এটা ৱান ষ্টপ সমাধান কেন্দ্ৰ কৃষকসকলক নিজৰ বাগিচাত উৎপাদন বৃদ্ধি আৰু উৎপাদনশীলতা অধিক উন্নত কৰিবলৈ সক্ষম কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল তামিলনাডু চৰকাৰৰ উদ্যোগ, বিনিয়োগ প্ৰসাৰ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী ড০ টি আৰ বি ৰাজা, গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ তৈলপাম ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া সৌগত নিয়োগী আৰু গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কৰ্পোৰেট পৰিক্ৰমা বিভাগৰ অধ্যক্ষ ৰাকেশ স্বামী। তামিলনাডু চৰকাৰৰ উদ্যোগ, বিনিয়োগ প্ৰসাৰ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী ড০ টি আৰ বি ৰাজাই গড্ৰেজ এগ্ৰ’ভেটৰ ৱান-ষ্টপ সমাধান কেন্দ্ৰৰ শুভাৰম্ভণিৰ অংশ হ’বলৈ পাই মই অপৰিসীম সন্তুষ্টি আৰু আনন্দ প্ৰদানৰ কথা উল্লেখ কৰে।

গড্ৰেজৰ এই সুবিধা কেন্দ্ৰই মুখ্যমন্ত্ৰী থিৰু এম কে ষ্টেলিনৰ দূৰদৰ্শী নেতৃত্বত তামিলনাডুৰ কৃষিসমৃদ্ধ ডেল্টা জিলাসমূহলৈ খাদ্য সংসাধন ইউনিট স্থাপনৰ বাবে আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ নিদৰ্শন দাঙি ধৰিছে বুলি মন্তব্য কৰে ৰাজাই। ২০২১ বৰ্ষৰ আগষ্ট মাহত ভোজ্য তেল – তৈলপাম সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিযান (এনএমইঅ’-অ’পি) আৰম্ভণিৰ পিছতে এই অভিযানৰ সৈতে সংগতি ৰাখি ভাৰতৰ তৈল পাম খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে ২০২৭ চনৰ ভিতৰত অতিৰিক্ত ৬০,০০০ হেক্টৰলৈ তৈলপাম বাগিচা সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লৈছে। প্ৰতিটো সমধান কেন্দ্ৰই অত্যাধুনিক কৃষি পদ্ধতি আৰু উদ্যোগ বিশেষজ্ঞৰ পৰা বিশেষ নিৰ্দেশনা প্ৰদান কৰি পৰিপক্ক বাগিচাৰ পৰা উৎপাদন সৰ্বাধিক আৰু উৎপাদন বজাই ৰখাত কৃষকসকলক সহায় কৰিবলৈ সু-সজ্জিত হৈ আছে।

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ পৰিচালন সঞ্চালক বলৰাম সিং যাদৱে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, ”ৰাজ্যখনৰ তৈলপাম খেতিয়কসকলৰ বাবে তামিলনাডু চৰকাৰে সৃষ্টি কৰা অনুকূল পৰিৱেশ প্ৰত্যক্ষ কৰি আমি যথেষ্ট উৎসাহিত হৈছোঁ। আমাৰ সামৰ্থ্যৰ ওপৰত নিজৰৰ সমৰ্থন আৰু আস্থাই নিশ্চিতভাৱে আমাক আগন্তুক বছৰবোৰত তৈলপাম আমদানিৰ ওপৰত দেশৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাত একেলগে অৰিহণা যোগোৱাৰ সুযোগ প্ৰদান কৰিব।” গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কৰ্পৰেট এফেয়াৰ্ছ বিভাগৰ গ্ৰুপ অধ্যক্ষ ৰাকেশ স্বামীয়ে এই বিষয়ে কয় যে, ”কোম্পানীটোৱে ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ১০টা সমাধান কেন্দ্ৰ কাৰ্যক্ষম কৰি তোলাৰ লগতে ২০২৭ চনৰ ভিতৰত ৫০টা সমাধান কেন্দ্ৰ স্থাপন কৰাৰ মনস্থ কৰিছে। থাঞ্জাভোৰৰ সমধান কেন্দ্ৰৰ জৰিয়তে গড্ৰেজ এগ্ৰ’ভেটে তৈলপাম খেতিয়কসকলক সবলীকৰণ আৰু বহনক্ষম পদ্ধতি আৰু প্ৰযুক্তিগত উন্নতিৰ সুবিধা গ্ৰহণৰ জৰিয়তে তৈলপাম আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত হৈছে। এই সমাধান কেন্দ্ৰৰ আৰম্ভণিয়ে তামিলনাডুত নিজৰ উপস্থিতি বৃদ্ধিৰ বাবে গড্ৰেজ এগ্ৰ’ভেটৰ কৌশলৰ সৈতে সংগতি ৰাখে, যিয়ে ৰাজ্যখনৰ কৃষি সম্ভাৱনা আৰু শক্তিশালী ব্যৱসায়িক পৰিৱেশ তন্ত্ৰৰ ওপৰত নিজৰ আস্থা প্ৰতিফলিত কৰিছে।