গড্ৰেজ এগ্ৰ’ভেটে আয়োজন কৰিছে ‘কৃষিত মহিলা’ শীৰ্ষক সন্মিলনৰ প্ৰথম সংস্কৰণ

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে(জিএভিএল) সফলতাৰে আয়োজন কৰিছে ‘কৃষিত মহিলা’ শীৰ্ষক সন্মিলনৰ প্ৰথম সংস্কৰণ। এই প্ৰথম সংস্কৰণটো হৈছে দেশৰ মহিলাসকলক উদযাপন কৰাৰ এক অনন্য পদক্ষেপ, এই সন্মিলনৰ লক্ষ্য হৈছে কৃষি পৰিৱেশত বিভিন্ন দৃষ্টিভংগীক একত্ৰিত কৰা আৰু ভাৰতৰ কৃষি খণ্ডত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি আৰু আদৰণি জনাবলৈ চিন্তা-উদ্দীপক অনুষ্ঠানৰ আয়োজন কৰা। সকলোৱে কৃষিক পুৰুষ প্ৰধান ক্ষেত্ৰ বুলি বিবেচনা কৰি আহিছে, এই ব্যাপক ৰূপত বিয়পি থকা পৰিৱেশক ভুল প্ৰতিপন্ন কৰি দেশৰ শেহতীয়া তথ্যই অন্য এক বাস্তৱ দিশ উন্মোচিত কৰিছে। ভাৰতৰ কৃষি কৰ্মত ৬০ শতাংশৰো অধিক মহিলা জড়িত হৈ আছে, এই সংখ্যা ৮ কোটি ৬১ লাখৰো অধিক। জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল মহিলাৰ শতকৰা হাৰ ভাৰতৰ গ্ৰামাঞ্চলত ৮৪ শতাংশ পৰ্যন্ত। আনহাতে, কৃষি ব্যৱসায়ৰ ক্ষেত্ৰখনতো মহিলাৰ সংখ্যা পুৰুষতকৈ বেছি হৈয়েই আছে। ভাৰতীয় কৃষিক্ষেত্ৰত মহিলাৰ গুৰুত্বপূৰ্ণ অথচ সততে অৱহেলিত হোৱা বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰাৰ বাবেই এই সন্মিলনৰ আয়োজন কৰা হৈছে। কৃষি-খাদ্য খণ্ডত মহিলাৰ নিয়োগযোগ্যতা বৃদ্ধিৰ ওপৰত পেনেল আলোচনাত এই খণ্ডটোৰ সৈতে জড়িত মহিলাসকলে সন্মুখীন হোৱা দক্ষতাৰ ব্যৱধানৰ বিভিন্ন দিশ আৰু শৈক্ষিক আৰু উদ্যোগৰ সহযোগিতাই পৰিস্থিতিটো সমাধান কৰাত কেনেদৰে সহায় কৰিব পাৰে তাৰ বিভিন্ন দিশসমূহ গভীৰ অন্তৰ্দৃষ্টিৰে আলোচনা কৰা হয়। আনটো পেনেল আলোচনাত মহিলাসকলৰ বিকাশ আৰু অগ্ৰগতিৰ বাবে নেতৃত্ব প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু কৃষি উদ্যোগত মহিলাসকলক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰাৰ সময়ত নিজৰ নিজৰ ভাবনা-অনুভৱ আৰু ধাৰণাৰ আদান-প্ৰদানসমূহ ব্যক্ত কৰিছিল। কোম্পানীটোৱে আয়োজন কৰা এই পদক্ষেপৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি জিএভিএলৰ পৰিচালন সঞ্চালক বলৰাম সিং যাদৱে কয় যে, “মহিলা কৃষকসকলৰ বৃহত্তৰ উপস্থিতি আৰু এই খণ্ডটোত অপৰিসীম অৱদান থকা স্বত্বেও অত্যাৱশ্যকীয় সম্পদৰ অভাৱ সদায়ে অনুভৱ হৈ আহিছে। সেয়েহে ভাৰত এনে এখন দেশ, য’ত আমি বিলিয়নতকৈ অধিক লোকক খাদ্য যোগান ধৰিব লাগিব, লগতে আমি এক পৰিৱেশ-প্ৰণালী সৃষ্টি কৰিব লাগিব যিয়ে কেৱল পথাৰতে নহয়, কৃষি-ব্যৱসায়ৰ ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ মহিলাসকলক প্ৰচাৰ-অগ্ৰগতিত সহায় কৰিব। মহিলাসকলক প্ৰয়োজনীয় জ্ঞান, আন্তঃগাঁথনি আৰু সমৰ্থন প্ৰদান কৰিলে নিশ্চিতভাৱে আমাক দেশৰ সামগ্ৰিক কৃষি উৎপাদন বৃদ্ধি কৰাত সহায় কৰিব।”

তেওঁ লগতে আৰু কয় যে, “ভাৰতে বহনক্ষম উন্নয়নৰ ভৱিষ্যতৰ দিশে কাম কৰাৰ লগে লগে সমগ্ৰ মূল্য শৃংখলত মহিলাসকলক সবলীকৰণ আৰু উল্লেখযোগ্য অৱদানক স্বীকৃতি দিয়াটো অতি প্ৰয়োজনীয়া। সময়ৰ দাবীলৈ লক্ষ্য ৰাখি ভাৰতীয় কৃষি দক্ষতা পৰিষদ (এএছচিআই), ফিউচাৰ এগ্ৰিকালচাৰ লীডাৰ্ছ অৱ ইণ্ডিয়া (ফলি) আৰু গড্ৰেজ গুড এণ্ড গ্ৰীনৰ সৈতে অংশীদাৰিত্বৰে আমি এই খণ্ডত ১ লাখ মহিলাক উন্নত নিয়োগৰ সুযোগ আৰু অৰ্থনৈতিক উত্থানৰ বাবে লালন-পালন কৰাৰ লক্ষ্য ৰাখিছোঁ।” ভাৰতীয় কৃষি দক্ষতা পৰিষদে (এএছচিআই) কৃষি আৰু সহযোগী খণ্ডৰ সংগঠিত/অ-সংগঠিত খণ্ডত নিয়োজিত কৃষক, মজুৰি শ্ৰমিক, স্বনিয়োজিত আৰু সম্প্ৰসাৰিত শ্ৰমিকৰ ব্যৱধান দূৰ কৰি দক্ষতা উন্নীত কৰি সামৰ্থ বিকাশৰ দিশত কাম কৰিছে। ফিউচাৰ এগ্ৰিকালচাৰ লীডাৰ্ছ অৱ ইণ্ডিয়া (ফলি) হৈছে আগশাৰীৰ কৃষি ব্যৱসায়িক প্ৰতিষ্ঠানৰ দ্বাৰা সমৰ্থিত এক পদক্ষেপ, যিয়ে হাজাৰ হাজাৰ গ্ৰাম্য শিক্ষাৰ্থীৰ সৈতে কাম কৰি আধুনিক, বহনক্ষম কৃষি আৰু কৃষি উদ্যোগত সফল হ’বলৈ প্ৰয়োজনীয় কাৰিকৰী, ব্যৱসায়িক আৰু দক্ষতা প্ৰদান কৰি আহিছে। মহিলা সবলীকৰণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ জিএভিএলৰ মানৱ সম্পদৰ মুৰব্বী মল্লিকা মুত্ৰেজাই কৰি কয় যে, “জিএভিএলত আমি গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপৰ মূলতে মহিলা সবলীকৰণ। লগতে মহিলা কৃষকৰ সম্ভাৱনাসমূহ উপলব্ধি কৰাৰ বাবে আমাৰ উদ্যোগৰ বাবে প্ৰধান কাৰণ ৰূপে বিবেচিত গাঁথনিগত বৈষম্যসমূহ সমাধান কৰাৰ ওপৰতো লক্ষ্য ৰখা হৈছে। ভাৰতীয় কৃষি দক্ষতা পৰিষদৰ সৈতে অংশীদাৰিত্বৰে এই উদ্বোধনী সন্মিলনে এক গুৰুত্বপূৰ্ণ মুহূৰ্তৰ ইংগিত দিছি, যিয়ে দেশখনক খাদ্য যোগান ধৰাত সহায় কৰাত মনোনিৱেশ কৰা এক সত্তা হিচাপে আমি আহি থকা দিনবোৰত এনেধৰণৰ অধিক অনুষ্ঠানলৈ সহযোগিতাৰ বাবে আগ্ৰহী।”

এই সন্মিলনত উদ্যোগৰ আগশাৰীৰ ব্যক্তি আৰু শৈক্ষিক খণ্ডৰ বিশেষজ্ঞ আৰু অভিজ্ঞ ব্যক্তি যেনে গড্ৰেজ ইণ্ডাষ্ট্ৰীজ লিমিটেড (জি আই এল)ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক নাদিৰ গড্ৰেজ আৰু জিএভিএল আৰু এষ্টেক লাইফ ছায়েন্স লিমিটেডৰ অধ্যক্ষ; গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ নিছাবা গড্ৰেজ; বুৰ্জিছ গড্ৰেজ, কাৰ্যবাহী সঞ্চালক আৰু চিঅ’অ’ – ক্ৰপ প্ৰটেকচন ব্যৱসায়, জিএভিএল; অহনা গৌতম, চিইঅ’, অ’পেন ছিক্ৰেট; ইৱাইৰ অংশীদাৰ অংশুমান ভট্টাচাৰ্য; নিভিয়াৰ পৰিচালন সঞ্চালক গীতিকা মেহতা; ইৰিনা ভিটাল, উপদেষ্টা আৰু বিশেষজ্ঞ (ভাৰতীয় কৃষি আৰু আৰ্বান চেঞ্জ) আৰু স্বতন্ত্ৰ সঞ্চালক; শিল্পা দিবেকাৰ নিৰুলা, ভেঞ্চাৰ পাৰ্টনাৰ, অম্নিভ’ৰ; আইআইএম আহমেদাবাদৰ জেণ্ডাৰ চেণ্টাৰৰ অধ্যক্ষ অধ্যাপক বিদ্যা ভেমিৰেড্ডী আৰু ভাৰতীয় কৃষি দক্ষতা পৰিষদৰ চি ই অ’ ড০ সতেন্দ্ৰ আৰ্যসহ কেইবাজনো গণ্য-মাণ্য ব্যক্তি। ‘ৱমেনছ ইন এগ্ৰিকালচাৰ’ সন্মিলনে কৃষি খণ্ডত মহিলাসকলক স্বীকৃতি আৰু সৱলীকৰণৰ বাবে জিএভিএলৰ প্ৰতিশ্ৰুতিক আকৌ এবাৰ প্ৰমাণ কৰিলে। আলোচনা আৰু সহযোগিতাৰ বাবে এখন সফল মঞ্চ গঢ়ি তুলি এই সন্মিলনে এক ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিছে য’ত ভাৰতত বহনক্ষম কৃষি বিকাশৰ ক্ষেত্ৰত দেশৰ মহিলাসকলক সমান অংশীদাৰ হিচাপে স্বীকৃতি দিয়া হয়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *