জেনেছিছ গ্ৰুপলৈ ২০২৪ বৰ্ষৰ এমএছএমই সন্মান 

118

টেলি চল্যুচনে প্ৰতি বছৰে প্ৰদান কৰা ‘এম এছ এম ই বঁটা’ৰ চতুৰ্থ সংস্কৰণত গুৱাহাটীৰ জেনেছিছ গ্ৰুপ অৱ কোম্পানীক সন্মানিত কৰিছে। চতুৰ্থ সংস্কৰণত ডিবিএছ (ডেভেলপমেণ্ট বেংক অৱ ছিংগাপুৰ লিমিটেড) বেংক আৰু মেকমাইট্ৰিপৰ মাইবিজৰ সমৰ্থনত টেলি এমএছএমই বঁটাই সমগ্ৰ ভাৰতৰ ১০০টা এমএছএমইক স্বীকৃতি প্ৰদান কৰে। এই বছৰ লাভ কৰা ১৯,০০০+ গ্ল’বেল মনোনয়নৰ ভিতৰত বঁটাৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটীৰ জেনেছিছ গ্ৰুপ অৱ কোম্পানী নামৰ প্ৰতিষ্ঠানটো। টেলি এমএছএমই সন্মান হৈছে দেশখনৰ অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত ব্যৱসায়ী আৰু উদ্যোগীসকলক নিজৰ অৱদানৰ বাবে স্বীকৃতি প্ৰদান কৰাৰ এক বছৰেকীয়া পদক্ষেপ। এই বৰ্ষৰ এই সন্মানে দেশৰ দৈৰ্ঘ্য আৰু প্ৰস্থ সামৰি উপযুক্ত ব্যক্তিসকলক নিৰ্বাচিত কৰিছে আৰু উন্নাও, আগৰতলা, ভাপি, আছানছোল আদিৰ দৰে দূৰৱৰ্তী আৰু ক্ষুদ্ৰ চহৰৰ ব্যৱসায়ীসকলকো সন্মান জনাইছে।

‘ৱণ্ডাৰ ৱমেন’ শাখাত জেনেছিছ গ্ৰুপ অৱ কোম্পানীৰ পায়েল চধাক সন্মানিত কৰা হৈছে। গুৱাহাটীত ডিজাইনাৰগৰাকীৰ কাপোৰৰ বিপণীখনৰ জৰিয়তে স্থানীয় শিপিনীসকলক শক্তিশালী কৰাৰ লগতে পায়েল চধা ফাউণ্ডেচনৰ জৰিয়তে কৰ্কট ৰোগীক সহায় কৰি আহিছে, ইয়াৰ সমান্তৰালকৈ ষ্টাইলিছ ৱাৰ্ডৰব ছল্যুচন প্ৰদান কৰে। পায়েল চধাৰ অভিনৱ পদ্ধতিয়ে গ্ৰাহকৰ সংযোগ, ব্ৰেণ্ডৰ আনুগত্য আৰু সম্প্ৰদায়টোৰ মাজত উল্লেখযোগ্য প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এই সন্মান পাঁচটা শাখা-ৱণ্ডাৰ ৱমেন, বিজনেছ মেষ্ট্ৰ’, নিউ জেন আইকন, টেক ট্ৰেন্সফৰ্মাৰ আৰু চেম্পিয়ন অৱ ক’জ শিতানত প্ৰদান কৰা হৈছিল। প্ৰতিটো শিতানে সম্ভাৱনাপূৰ্ণ ব্যৱসায়ী আৰু উদ্যোগীসকলক স্বীকৃতি দিছিল, যিসকলে বহনক্ষম আৰু অন্তৰ্ভুক্ত ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলাৰ বাবে বহনক্ষমতা, উদ্ভাৱন আৰু নিষ্ঠা প্ৰদৰ্শন কৰিছে।

গুৱাহাটীৰ বজাৰৰ দৃষ্টিকোণৰ পৰা অৱলোকন কৰিলে জেনেছিছ গ্ৰুপৰ এই স্বীকৃতিয়ে এমএছএমই খণ্ডত অঞ্চলটোৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে। কোম্পানীটোৰ সফলতাৰ কাহিনী অন্যান্য স্থানীয় ব্যৱসায়ীসকলৰ বাবে এক অনুপ্ৰেৰণা হ’ব পাৰে, প্ৰতিষ্ঠানটোৱে উদ্ভাৱনীমূলক আৰু সম্প্ৰদায়কেন্দ্ৰিক পদ্ধতিৰ জৰিয়তে উল্লেখযোগ্য অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে।