গুৱাহাটীত গড্ৰেছ প্ৰফেচনেলৰ চমকপ্ৰদ নতুন সংকলন

অসমৰ পেছাদাৰী চুলিৰ যতন খণ্ডলৈ এক যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি গড্ৰেজ প্ৰফেচনলে নিজৰ নতুন ছাৰিল কলেকচন আৰু ষ্ট্ৰেইট স্মুথ পৰিসৰসমূহ প্ৰদৰ্শন কৰি গুৱাহাটীত ২০০ৰো অধিক হেয়াৰ ষ্টাইলিষ্টক প্ৰশিক্ষণ প্ৰদান কৰিলে। এই অনুষ্ঠানৰ শেষত আয়োজনত অনুষ্ঠানত সকলোকে মুগ্ধ কৰিলে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই, গ্লেমাৰাছ হেয়াৰ শ্ব’ৰ ৰেম্পত খোজ থৈ নিজৰ আৱেদনময়ী চেহেৰাৰে সকলোকে আপ্লুত কৰিলে। এই ছাৰিল কলেকচন হৈছে প্ৰাকৃতিক আশ্চৰ্যসমূহৰ পৰা অনুপ্ৰাণিত ভাৰতৰ প্ৰথম চুলিৰ ৰঙৰ ৰেঞ্জ—যি কালাৰ প্লে আৰু ডাইমেনচন প্ৰযুক্তিৰ দ্বাৰা চালিত আৰু ৪টা প্ৰাঞ্জল ৰূপত তুলি ধৰা হৈছে। বিশ্বৰ আগশাৰীৰ ষ্টাইলিষ্টসকলৰ সহযোগত প্ৰস্তুত কৰা এই হেয়াৰ কালাৰসমূহ কেৰাটিন আৰু হাইয়ালুৰনিক এচিডৰ দ্বাৰা সমৃদ্ধ স্পন্দনশীল, এমোনিয়া-ফ্ৰী শ্বেডৰ প্ৰতিশ্ৰুতি দিয়ে।

এই অনুষ্ঠানত নিজৰ অভিমত ব্যক্ত কৰি গড্ৰেজ প্ৰফেচনেলৰ ব্যৱসায়িক মুৰব্বী অভিনৱ গ্ৰেণ্ডীয়ে কয় যে, “ষ্টাইলিষ্টসকলক উদ্ভাৱনৰ সঁজুলিৰে সজ্জিত কৰি আমি ভাৰতত হেয়াৰ ষ্টাইলিঙৰ ভৱিষ্যত গঢ় দিয়াত সহায় কৰি আহিছোঁ।” ৰাষ্ট্ৰীয় সৌন্দৰ্যৰ ট্ৰেণ্ডসমূহ দ্ৰুতভাৱে গ্ৰহণ কৰাৰ বাবে জনাজাত গুৱাহাটী মহানগৰীয়েও উল্লেখযোগ্যভাৱে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। চেলুনৰ নেতৃস্থানীয় ব্যক্তিসকলৰ মাজত এতিয়া উপলব্ধ ছাৰিল আৰু ষ্ট্ৰেইট স্মুথ সামগ্ৰীসমূহৰ জৰিয়তে চহৰখনৰ পেছাদাৰীসকলে বিশ্বৰ মানদণ্ডৰ সৈতে সংগতি ৰাখি অত্যাধুনিক সেৱা আগবঢ়াব পাৰিব।

গুৱাহাটীত সফলভাৱে আয়োজিত এই অনুষ্ঠানৰ জৰিয়তে চলিত ২০২৫ৰ ভিতৰত ১১খন চহৰত ৩,০০০ৰো অধিক চেলুনক প্ৰশিক্ষণ দিয়াৰ বাবে গড্ৰেজ প্ৰফেচনেলৰ দেশজোৰা পদক্ষেপৰ আৰম্ভণি ঘটিল।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *