গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়-মুখ্যমন্ত্ৰী

গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়। যদি চানফ্লা’ৱাৰ অইল বুলি কোৱা হয়, তেন্তে তেওঁ হয়তো বুজিব পাৰে। এই মন্তব্যৰে শুকুবাৰে ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ চৰকাৰে ৰেচন কাৰ্ডধাৰীক মিঠাতেল প্ৰদান কৰাৰ কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইলৈ বিৰোধীয়ে সমালোচনা কৰি অহাৰ সময়তে এই মন্তব্য মুখ্যমন্ত্ৰীৰ।তেওঁ কয়, গৌৰৱ গগৈৰ সন্তান ইংলেণ্ডত থাকে আৰু ইংৰাজ নাগৰিক। গতিকে তেওঁ সৰিয়হৰ তেলৰ(মিঠাতেল) দাম নাজানে বা মূল্য বুজি নাপায়।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *