মেধীপাৰা পাৰঘাটত বনবিভাগৰ অভিযান

55

ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আৰু শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন নবাগত শিমলীতোলাৰ মেধিপাৰা জলজলী নদীৰ ঘাট,বজাৰ ঘাটকে ধৰি সংশ্লিষ্ট কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত দীৰ্ঘদিনৰে পৰা বন বিভাগৰ চকুত ধুলি দি অবাধে চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে৷

বন বিষয়া কনক চন্দ্ৰ ডেকাৰ নেতৃত্বত একাংশ বনকৰ্মীয়ে এক গোপন খবৰৰ ভিত্তিত নবাগত শিমলীতোলাৰ মেধিপাৰাৰ জলজলী নদীৰ পাৰ ঘাটত অভিযান চলাই এখন বলেৰ’ পিক আপ বাহনসহ লক্ষাধিক টকাৰ চেগুন গছৰ কুণ্ডা জব্দ কৰে৷জব্দকৃত বলেৰ’ বাহনখনৰ নম্বৰ হৈছে এ এছ ১৮-ছি ৬৮৬৯ নম্বৰ৷

জব্দকৃত চোৰাং চেগুন গছৰ কুণ্ডাখিনিৰ অনুমানিক বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি ব্যক্ত কৰে৷পিছত জব্দকৃত বলেৰ’ বাহসহ চোৰাং কাঠ খিনি শিমলীতোলা খণ্ড বন বিভাগৰ কাৰ্য্যালয়ত লৈ যায়৷উল্লেখ্য যে,চোৰাং কাঠৰ বন বিভাগে বিভিন্ন সময়ত অভিযান চলাই চোৰাং কাঠসহ বাহন জব্দ কৰিবলৈ সক্ষম হৈছে৷