ফ্লাইটে ন ৰূপত আগবঢ়াইছে স্প্ৰিং চামাৰ কালেকচন, ১০০ৰো অধিক ষ্টাইলিছ ডিজাইন মুকলি

90

আগশাৰীৰ জোতা নিৰ্মাতা প্ৰতিষ্ঠান ৰিলেক্সো ফুটৱেৰ্ছ লিমিটেডৰ মালিকানাধীন প্ৰখ্যাত ব্ৰেণ্ড ফ্লাইটে মুকলি কৰিলে বহু প্ৰত্যাশিত স্প্ৰীং-ছামাৰ ২০২৪ (এছ এছ ‘২৪) কালেকচন। শেহতীয়াকৈ মুকলি কৰা নতুন ৰেঞ্জত ১০০তকৈও অধিক সতেজ ডিজাইনৰ এক আকৰ্ষণীয় সামগ্ৰী ৰখা হৈছে, প্ৰত্যেকবিধ সামগ্ৰীতে সকলোবোৰ সামৰি মনোযোগেৰে নিখুঁতভাৱে প্ৰস্তুত কৰা হৈছে। স্পন্দনশীল বিবিধ ৰঙৰ সংমিশ্ৰণৰ পৰা বিশেষ ভিত্তিত প্ৰস্তুত কৰা সামগ্ৰীলৈকে ফ্লাইটৰ বিস্তৃত পৰিসৰৰ জোতা পুৰুষ আৰু মহিলা উভয়ৰে গতিশীল জীৱনশৈলীৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা হৈছে। গুণগত মানদণ্ড, আৰাম আৰু সুলভ মূল্যৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে সকলোৰে মাজত জনপ্ৰিয় ফ্লাইট গ্ৰাহকৰ মাজত অন্যতম প্ৰিয় পছন্দ আৰু বিকল্প, যিয়ে গ্ৰাহকৰ জীৱনশৈলীৰ প্ৰয়োজন আৰু পছন্দসমূহক প্ৰতিফলিত কৰি আহিছে।

বিশেষকৈ মহিলাসকলৰ বাবে প্ৰস্তুত কৰা বেলে কালেকচনসমূহে ফেশ্বন-ফৰৱাৰ্ড ডিজাইনবোৰক অতুলনীয় আৰামৰ সৈতে একত্ৰিত কৰি গ্ৰাহকক পৰম সন্তুষ্টি দিয়ে, যিয়ে নিশ্চিত কৰে যে মহিলাসকলে যিকোনো পৰিস্থিতিত আত্মবিশ্বাসেৰে আগবাঢ়িব পাৰে। ফৰ্মেল(কাৰ্যালয়) পোছাক বা বিশেষ অনুষ্ঠানৰ বাবে জোতা বিচৰাসকলৰ বাবেই হওক ফ্লাইটে উচ্চ-মানদণ্ডৰ বিকল্প প্ৰদান কৰিছে যিসমূহ ষ্টাইল আৰু আৰাম দুয়োটাকে সৰ্বাধিক গুৰুত্ব দিয়ে। আনহাতে আৰ্বান বেচিক্স লাইনে যুৱ বজাৰখনৰ কথা ভাবি সামগ্ৰী প্ৰস্তুত কৰিছে, য’ত দৈনন্দিন ব্যৱহাৰৰ বাবে ট্ৰেণ্ডি আৰু ব্যৱহাৰিক জোতাৰ বিকল্প প্ৰদান কৰে। ভাইব্ৰেণ্ট ৰঙৰ বিকল্প আৰু ট্ৰেণ্ডি ডিজাইনৰ সৈতে আৰামৰ সৈতে আপোচ নকৰাকৈ মহিলাসকলৰ বাবে ফ্লাইটৰ পিইউ ৰেঞ্জে সকলো পোছাকতে যোগ দিছে ফ্লেয়াৰৰ স্পৰ্শ।

ৰিলেক্সো ফুটৱেৰ্ছ লিমিটেডৰ কাৰ্যবাহী সঞ্চালক গৌৰৱ দুৱাই এছ এছ ‘২৪ৰ কালেকচনৰ বিষয়ে নিজৰ অন্তৰ্দৃষ্টি ভাগ-বতৰা কৰি কয় যে, “আমি ফ্লাইটৰ নতুন স্প্ৰীং-ছামাৰ ২০২৪ সংকলন মুকলি কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ কিয়নো আগন্তুক ছিজনৰ কথা ভাবি বিশেষভাৱে প্ৰস্তুত কৰা এই কালেকচনত কুল(শীতল) ভাইব থকা উত্কৃষ্ট মানৰ কাৰুকাৰ্য আৰু অতুলনীয় ষ্টাইল লাভ কৰিব গ্ৰাহকসকলে। আমি সদায়ে আমাৰ গ্ৰাহকসকলক আনন্দদায়ক আৰু আকৰ্ষণীয় পৰিসৰৰ বিকল্প প্ৰদান কৰাত বিশ্বাস কৰি আহিছোঁ যিবোৰ সামগ্ৰীত কেৱল ষ্টাইল থকাই নহয়, লগতে ট্ৰেণ্ডিও হয়। বিস্তৃত আৰু সামগ্ৰিকভাৱে প্ৰস্তুত কৰা এই কালেকচনে পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে সেৱা আগবঢ়ায়, যাতে সকলোৱে আত্মবিশ্বাসেৰে ষ্টাইলত খোজ কাঢ়িব পাৰে।”