ফ্লিপকাৰ্টে প্ৰৱৰ্তন কৰিছে নতুন প্ৰতিযোগিতামূলক আৰু সৰলীকৃত ৰেট কাৰ্ড

দেশৰ ঘৰুৱা ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে নিজৰ প্লেটফৰ্মত বিক্ৰেতাৰ অভিজ্ঞতাৰ ক্ষেত্ৰখনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আৰু অধিক স্পষ্ট বা সহজভাৱে লেনদেন কৰিবলৈ সম্পূৰ্ণ নতুন সৰলীকৃত ৰেট কাৰ্ড পলিচী ঘোষণা কৰিছে।

১৮ মে’ৰ পৰা কাৰ্যকৰী হোৱা নতুন ৰেট কাৰ্ডৰ মূল উপাংশসমূহৰ ভিতৰত আছে সৰলীকৃত ৰেট কাৰ্ড গঠন, বৃহৎ পৰিসৰত কাৰ্যসমূহ সুশৃংখলিত কৰিবলৈ প্ৰতিযোগিতামূলক ক্ষেত্ৰ প্ৰদান কৰা অৰ্থনৈতিক এফবিএফ ৰেট আৰু এক উন্নীত শ্বিপিং পলিচী, যিয়ে বিক্ৰেতাসকলক বৰ্ধিত গ্ৰাহকৰ মূল্য প্ৰদান কৰিবলৈ সক্ষম কৰিব। সৰলীকৃত ৰেট কাৰ্ডৰ জৰিয়তে এই পৰিৱৰ্তনশীল পদ্ধতিয়ে ন্যায্য বৃদ্ধিৰ সুযোগক লাভান্বিত কৰিব, যিয়ে বিক্ৰেতাসকলক সবলীকৰণ-লাভ অৰ্জনৰ প্ৰতি ফ্লিপকাৰ্টৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিব।

এই পদক্ষেপে ভৱিষ্যতৰ ভাৰতৰ ই-কমাৰ্চ ক্ষেত্ৰখনলৈ আনিব পৰা সম্ভাৱনাৰ বিষয়ে সদৰি কৰি ফ্লিপকাৰ্ট মাৰ্কেটপ্লেচৰ উপাধ্যক্ষ তথা মুৰব্বী ৰাকেশ কৃষ্ণনে কয় যে, “বৰ্ধিত লাভালাভ প্ৰদান কৰি এই পদক্ষেপে বিক্ৰেতাসকলৰ বাবে আমাৰ প্লেটফৰ্মত বিক্ৰী অভিজ্ঞতা উন্নত আৰু পৰিৱৰ্তন কৰাৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি আমি নিশ্চিত।” প্ৰতিজন বিক্ৰেতাই ৰেট কাৰ্ড পুনৰীক্ষণৰ সুবিধা আৰু প্ৰভাৱ বুজি পোৱাটো নিশ্চিত কৰিবলৈ এক বিস্তৃত শৈক্ষিক ষ্ট্ৰেটেজী ইয়াত ৰূপায়ণ কৰা হৈছে। ফ্লিপকাৰ্টে নতুন ৰেট কাৰ্ড গঠনৰ সুবিধাসমূহৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰি সকলোকে প্ৰদান কৰিব আৰু এই আপডেটসমূহ নেভিগেট কৰাৰ ক্ষেত্ৰত ষ্টেপ-বাই-ষ্টেপ নিৰ্দেশনা আগবঢ়াব। ফ্লিপকাৰ্টৰ নিষ্ঠাবান ছেলাৰ চাপৰ্ট টীমে বিক্ৰেতাসকলক সঠিক ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰি যাব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *