দেশৰ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে আছাম প্ৰজেক্ট অন ফৰেষ্টছ এণ্ড বায়’ডাইভাৰ্চিটি কনজাৰ্ভেচন(এপিএফবিচি)ৰ সৈতে সহযোগিতা কৰি স্থানীয় উদ্যোগী, ভাস্কৰ আৰু শিপিনীসকলক ই-কমাৰ্চৰ বিবিধ সঁজুলি আৰু জ্ঞানেৰে সজ্জিত কৰাৰ লক্ষ্যৰে এখন কৰ্মশালাৰ আয়োজন কৰে। ২০ জানুৱাৰীত গুৱাহাটীৰ অৰণ্য ভৱনত অনুষ্ঠিত এই কৰ্মশালাখন “বনজ সম্প্ৰদায়ৰ দ্বাৰা প্ৰস্তুত সামগ্ৰীৰ বাবে বজাৰ সংযোগ বিকশিত কৰা” শীৰ্ষক ক্ৰেতা-বিক্ৰেতা অধিৱেশন ২০২৫ৰ অংশ আছিল। এই কৰ্মশালাই অংশগ্ৰহণকাৰীসকলক ফ্লিপকাৰ্টৰ সমৰ্থ পদক্ষেপৰ সৈতেও পৰিচয় কৰাই দিলে, যাক বজাৰৰ প্ৰৱেশাধিকাৰ আৰু সামৰ্থ্য নিৰ্মাণৰ সুযোগ প্ৰদান কৰি কম সেৱা প্ৰাপ্ত সম্প্ৰদায়-লোকসকলক শক্তিশালী কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল। কাঠ-বাঁহৰ পৰা সামগ্ৰী প্ৰস্তুতকৰ্তা তথা অংশগ্ৰহণকাৰীসকলে সামগ্ৰীৰ তালিকাকৰণ, লজিষ্টিক-পৰিবহন আৰু ডিজিটেল ব্যৱসায়িক ৰণকৌশলৰ বিষয়ে শিকিছিল।
এপিএফবিচি-এ এতিয়া ফ্লিপকাৰ্ট সমৰ্থৰ সৈতে অংশীদাৰ হিচাপে সহযোগিতা কৰি আত্ম সহায়ক গোট (এছএইচজি) আৰু ক্লাষ্টাৰ লেভেল ফেডাৰেচন(চিএলএফ)সমূহক সমগ্ৰ দেশৰ বজাৰত উপনীত হোৱাত সহায় কৰিব পাৰিব। এই পদক্ষেপে অসমৰ স্পন্দনশীল কাৰিকৰী বজাৰৰ দৃশ্যমানতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, যি পৰম্পৰাগত কাৰুশিল্প আৰু বয়নত পূৰ্বৰে পৰা দক্ষ আৰু অভিজ্ঞতাসম্পন্ন। ফ্লিপকাৰ্টৰ সমৰ্থনত ৰাজ্যখনৰ স্থানীয় ব্যৱসায়িক সামগ্ৰীবোৰে এতিয়া দেশজোৰা চাহিদা লাভ কৰিব পাৰে, আয় বৃদ্ধি কৰিব পাৰে আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ-প্ৰসাৰ কৰিব পাৰে।
ফ্লিপকাৰ্টৰ মুখ্য কৰ্প’ৰেট পৰিক্ৰমা বিষয়া ৰজনীশ কুমাৰে এই কথা সদৰি কৰি কয় যে, “এই সহযোগিতাই ডিজিটেল অন্তৰ্ভুক্তি বৃদ্ধি আৰু ডিজিটেল অৰ্থনীতিত সম্প্ৰদায়সমূহক বিকাশ ৰখাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে।” ২০১৯ চনত আৰম্ভ কৰা ফ্লিপকাৰ্ট সমৰ্থ পদক্ষেপে এমএছএমই আৰু শিল্পী-ভাস্কৰসকলৰ ব্যৱধান দূৰ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে, যাৰ ফলত সমগ্ৰ ভাৰতত বহনক্ষম বিকাশৰ সুযোগ সৃষ্টি হৈছে।