ফ্লেভাৰ ফান পিজ্জা কেৱল ৭৯ টকাৰ পৰা আৰম্ভ

পিজ্জা হাটে ইয়াৰ নতুন ফ্লেভাৰ ফান পৰিসৰটো মুকলি কৰিছে য’ত কেৱল ৭৯ টকাৰ অবিশ্বাস্য মূল্যৰ পৰা আৰম্ভ কৰি ১২ টা নতুন পিজ্জা আগবঢ়োৱা হৈছে।পিজ্জাৰ পৰিসৰটো সাতটা নিৰামিষ আৰু পাঁচটা আমিষ টপিংৰ সৈতে যোৰা- তন্দুৰী, চেজৱান, ইটালিয়ান, চিজি আৰু ক্লাছিকৰ দৰে ৫ টা আকাংক্ষিত চছ ফ্লেভাৰত আহে। এই ফ্লেভাৰ ফান পিজ্জা ভাৰতৰ সকলো ৭০০+ পিজ্জা হাট দোকানত উপলব্ধ হ’ব, ডাইন-ইন, ডেলিভাৰী আৰু টেকৱেত।

সমগ্ৰ ফ্লেভাৰ ফান পৰিসৰটো ব্যক্তিগত পিজ্জাৰ আকাৰত উপলব্ধ। নিৰামিষ প্ৰকাৰবোৰৰ ভিতৰত আছে পনীৰ, চুইট কৰ্ণ, কাঠফুলা, পিয়াঁজ আৰু কেপচিকামত বিভিন্ন ধৰণৰ টপিং কম্বো। আমিষ ভোজী সকলৰ ওচৰত চিকেন চচেজ, চিকেন মিটবল, চিকেন টিক্কা আৰু চিকেন পেপাৰনিৰ দৰে চেষ্টা কৰাৰ বাবে কেইবাটাও টপিং বিকল্প আছে।

পিজ্জা হাটে জেনজেডক মনত ৰাখি এই পৰিসৰটো মুকলি কৰিছে, বিশেষকৈ কলেজীয়াসকল আৰু প্ৰথম চাকৰিয়ালসকল যি বাজেটত আছে।মুকলিৰ সন্দৰ্ভত বক্তব্য ৰাখি পিজ্জা হাট ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া নেহাই কয়, “পিজ্জা হাটক যুৱ গ্ৰাহকসকলৰ বাবে ক্ৰমান্বয়ে উপলব্ধ কৰি তুলিবলৈ আমি এনে ধৰণৰ অধিক সামগ্ৰী আৰু সেৱা আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।” ব্ৰেণ্ডটোৰ দ্বাৰা মুকলি কৰা এক শৃংখলাবদ্ধ আমোদজনক ডিজিটেল চলচ্চিত্ৰত পিজ্জা হাটৰ মেগনেটিক এম্বেচেডৰ অনুৰাধা মেনন আৰু নতুন পৰিসৰৰ সম্পূৰ্ণ সামৰ্থ্য আৰু বিভিন্নতাৰ ওপৰত আলোকপাত কৰিবলৈ এটা বিচিত্ৰ শ্বট আপ আৰু টেক মাই মানি টেগলাইন আছে।

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *