“ছুইগিৰ ‘ছি দ্য চেঞ্জ’ পদক্ষেপে মহিলা উদ্যোগীসকলক কৰি তুলিছে সবল-শক্তিশালী: কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে স্বীকৃতি প্ৰদান কৰিলে অসমৰ তানিশ্ৰী দত্তক

ছুইগীৰ যুগান্তকাৰী পদক্ষেপ “ছি দ্য চেঞ্জ” পদক্ষেপৰ শুভাৰম্ভণি অনুষ্ঠানত ডিব্ৰুগড়ৰ মহিলা তানিশ্রী দত্তই কেন্দ্রীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মন্ত্রী নির্মলা সীতাৰমণৰ জৰিয়তে আনুষ্ঠানিকভাবে স্বীকৃতি লাভ কৰিছে। ভাৰতৰ খাদ্য আৰু পানীয় উদ্যোগত মহিলা উদ্যোগীসকলক উদযাপনৰ বাবে সমর্পিত এই প্রয়াসৰ উদ্দেশ্য হৈছে তানিশ্রী দত্তৰ দৰে মহিলা উদ্যোগীসকলৰ উল্লেখযোগ্য অৱদানক আলোকপাত কৰি মহিলাৰ জয়যাত্রাক উদযাপন কৰা।

এটেলিয়াৰ পেটিছেৰীক সগৌৰৱে নেতৃত্ব প্রদান কৰা দত্তই ভাৰতত মহিলাৰ উদ্যোগক্ষেত্রত সফলতা আৰু সম্ভাৱনাৰ প্ৰমাণ হিচাপে সকলোৰে সমুখত জীৱন্ত দলিল ৰেখা প্রতিষ্ঠিত হৈছে। দুইগীৰ এই পদক্ষেপে মহিলা নেতৃত্বাধীন ব্যৱসায়ক অগ্রাধিকাৰ প্ৰদানৰ দিশত গুৰুত্ব আৰোপ কৰিছে, ইতিমধ্যে এই প্লেটফৰ্মৰ জৰিয়তে ৫০,০০০ৰো অধিক ব্যক্তি-প্রতিষ্ঠান লাভবান হৈছে।

এই উদ্যোগসমূহে কেৱল অর্থনৈতিক বৃদ্ধিয়েই নহয়, লগতে নতুন নতুন নিয়োগৰ সুযোগো সৃষ্টি কৰিছে, যাৰ ফলত প্রায় ৩ লাখ নিয়োগ সৃষ্টি হৈছে বুলি অনুমান কৰা হৈছে। কর্মশক্তিত সামগ্রিকতাক আঁকোৱালি ছুইগীৰ দায়বদ্ধতা আৰু কার্যক্রমণিকা প্রধানমন্ত্রীৰ ‘নাৰী শক্তি’ক চেম্পিয়ন কবি তোলা ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে। ছুইগী গ্ৰুপৰ চিইঅ’ শ্রীহর্ষ মেজেটি আৰু ফুড মার্কেটপ্লেছৰ চিইঅ’ ৰোহিত কাপুৰকে ধৰি ছুইগীৰ শীর্ষ নেতৃত্বৰ লগতে অর্থনৈতিক আৰু একাডেমীক ক্ষেত্ৰৰ ভাৰতৰ এফএগুবি খণ্ডত স্পষ্ট আৰু পোনপটীয়া পৰিৱৰ্তন আনিব পৰা মহিলা উদ্যোগীসকলৰ প্ৰেৰণাদায়ক যাত্রাক উদযাপন কৰিছে

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *