ফিল্মফেয়াৰে জীৱন ৰাম মুংগী দেৱী গোৱেংকা মেমৰিয়েল পাব্লিক চেৰিটেবল ট্ৰাষ্টৰ সৈতে প্ৰথমবাৰলৈ প্ৰদান কৰিব ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৪’

ভাৰতীয় চলচ্চিত্ৰ জগতক নতুন মাত্ৰা প্ৰদান আৰু দীৰ্ঘদিনে ভাৰতীয় চলচ্চিত্ৰক উদযাপন কৰি অহা ফিল্মফেয়াৰে নিজৰ সমৃদ্ধ ইতিহাসত আন এক যুগান্তকাৰী সংযোজন কৰিবলৈ সাজু হৈছে। জীৱনৰাম মুংগী দেৱী গোৱেংকা মেমৰিয়েল পাব্লিক চেৰিটেবল ট্ৰাষ্টৰ সৈতে প্ৰথমবাৰলৈ ফিল্মফেয়াৰে প্ৰদান কৰিব ফিল্মফেয়াৰ এৱাৰ্ডছ আছামিছ ২০২৪। এক অবিস্মৰণীয় সন্ধিয়াৰ প্ৰতিশ্ৰুতিৰে ২০২৪ৰ ১০ মাৰ্চত গুৱাহাটীৰ চিৰপৰিচিত তাজ ভিভাণ্টা হোটেলত আয়োজিত হ’ব এই মেগা অনুষ্ঠানৰ। বহু জনপ্ৰিয় চলচ্চিত্ৰ উপহাৰ দিয়া আৰু নিজৰ অভিনয়েৰে সকলোকে মুগ্ধ কৰা জনপ্ৰিয় তাৰকা কপিল বৰা আৰু আইমী বৰুৱাই পৰিচালিত কৰিব এই অনুষ্ঠান। বঁটা বিতৰণী অনুষ্ঠানত সমাহাৰ ঘটিব যতীন বৰা, নিশিতা গোস্বামী, প্ৰীতিকংগণা, উৰ্মিলা মহন্ত, প্ৰিয়ম পল্লবী, ৰঞ্জিত গগৈ, গায়ত্ৰী হাজৰিকা আৰু দীক্ষু শৰ্মাৰ দৰে জনপ্ৰিয় তাৰকাৰ।

আজি এক ভাৰ্চুৱেল সংবাদমেলৰ জৰিয়তে এই উদযাপনৰ শুভাৰম্ভণি কৰা হয়। ফিল্মফেয়াৰৰ সন্মানীয় পেনেলত আছে জিতেশ পিল্লাই,শংকৰ লাল গোয়েংকা, সঞ্জীৱ নাৰায়ণ, পাৰ্থ সাৰথি নন্দী, জনপ্ৰিয় অভিনেতা কপিল বৰা আৰু আইমী বৰুৱাৰ দৰে তাৰকা শিল্পী। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানে সংস্কৃতি আৰু সৃজনশীলতাৰে সমৃদ্ধ চলচ্চিত্ৰ উদ্যোগৰ উল্লেখনীয় সাফল্যক স্বীকৃতি আৰু উদযাপন কৰাৰ বাবে ফিল্মফেয়াৰৰ অটল প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে। অসমীয়া চলচ্চিত্ৰ জগতলৈ প্ৰভূত অৰিহণা যোগোৱা প্ৰতিভাসমূহক স্বীকৃতি প্ৰদান কৰাৰ বাবেই আয়োজন কৰা হৈছে আৰু ইয়াত অভিনয়ৰ লগতে কাৰিকৰী দিশত উত্কৃষ্ট প্ৰদৰ্শন কৰা প্ৰতিভাধৰ সকলোকে স্বীকৃতি প্ৰদান কৰা হ”ব। প্ৰথম সংস্কৰণত ২০২৩ৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ ২০২৩ৰ ভিতৰত মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰসমূহক স্বীকৃতি প্ৰদান আৰু উদযাপনৰ বাবে সাজু হৈছে ফিল্মফেয়াৰ।

ফিল্মফেয়াৰৰ সম্পাদক জিতেশ পিল্লাই এই বিষয়ে কয় যে, “অসমে চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অদম্য মনোভাৱ আৰু সাংস্কৃতিক ঐতিহ্যৰ এই বিশাল উদযাপনৰ বাবে আমি সকলোৱে অপেক্ষাৰত।” আনহাতে, জীৱন ৰাম মুংগী দেৱী গোৱেংকা সোঁৱৰণী পাব্লিক চেৰিটেবল ট্ৰাষ্টৰ পৰিচালন সঞ্চালক শংকৰলাল গোৱেংকাই কয় যে, “আইকনিক ‘ব্লেক লেডী’য়ে সমগ্ৰ ভাৰতৰ মনোৰঞ্জন জগতক মূৰ্ত কৰি তোলে বুলি ধৰা হয় আৰু এই বঁটাৰ জৰিয়তে আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যক আলোকিত কৰি তোলা আৰু আমাৰ অসমীয়া চলচ্চিত্ৰৰ সমৃদ্ধ লিগেচীক স্বীকৃতি আৰু সন্মান প্ৰদৰ্শন কৰাটো আমাৰ বাবে এক স্বপ্নক বাস্তৱায়িত কৰা মুহূৰ্ত।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *