ৰাজ কাপুৰৰ লিগেচি মিশ্ৰণ কৰি কোকাকোলাই মুকলি কৰিলে ‘কোকাকোলা ফুডমাৰ্ক’

কোকা-কোলা ইণ্ডিয়াই ভাৰতত কোকা-কোলা ফুডমাৰ্ক মুকলি কৰাৰ কথা প্ৰকাশ কৰি অতিশয় আনন্দিত হৈছে, এই ফুডমাৰ্ক হৈছে “এ ৰেচিপি ফৰ মেজিক” গ্লবেল কেম্পেইনৰ অংশ। এই খাদ্যৰ জগতত সবল খোজে ভাৰতীয় সংস্কৃতি আৰু কোকা-কোলাৰ ৰিয়েল মেজিকৰ জৰিয়তে অনুপ্ৰাণিত হৈ নতুন দিনবোৰ উদযাপনৰ সঠিক মুহূৰ্ত। ইয়াত আহাৰৰ মানদণ্ড আৰু বৰফৰ দৰে শীতল কোকা-কোলাৰ প্ৰতিচ্ছবিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বব্যাপী খাদ্যসম্ভাৰক উদযাপন কৰা হৈছে। কোকা-কোলাই সঠিক মুহূৰ্ত, খাদ্য আৰু কোকা-কোলাৰ সতেজ সোৱাদ ধৰি ৰখাৰ বাবে এক যাত্ৰা আৰম্ভ কৰিছে, যি অচিৰে অধিক ভাৰতীয় চহৰ আৰু চুবুৰীয়া অঞ্চলতো উপলব্ধ কৰি সকলোকে সোৱাদ লোৱাৰ বাবে আৰু উপভোগৰ সুযোগ প্ৰদান কৰা হ’ব।

দিল্লীৰ ঐতিহ্যমণ্ডিত কন’ট প্লেচৰ আইকনিক এম্বেচী ৰেষ্টোৰাঁত আয়োজিত উন্মোচনী অনুষ্ঠানত বলীউডৰ জনপ্ৰিয় তাৰকা জাহ্নৱী কাপুৰ আৰু কৰিশ্মা কাপুৰে কিংবদন্তি ৰাজ কাপুৰলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। এই অনুষ্ঠানত ৰাজ কাপুৰৰ অন-ছেট খাদ্যৰ মুহূৰ্তসমূহক পুনৰ সজীৱ কৰি তোলা হৈছিল, উপস্থিত ব্যক্তিসকলক এআই ব্যৱহাৰ কৰি প্ৰযুক্তি-বিকশিত আন্তৰিক বাৰ্তালাপৰ মুহূৰ্তক তুলি ধৰা এখন নিমজ্জিত ছবিৰ জৰিয়তে ১৯৫০ৰ বলীউডৰ সোণালী যুগলৈ উভতাই নি অনন্য অনুভূতি অনুভৱ কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল।

এই অনুষ্ঠানত চলচ্চিত্ৰৰ দৰে পৰিৱেশ, বিশেষ ফটো বেকড্ৰপ, ষ্টাৰডম পোষ্টাৰ আৰু মিউজিকেল ষ্টেয়াৰৱে(সাংগীতিক খটখটি) আদিৰ ব্যৱস্থা কৰা হৈছিল। স্থানীয় প্ৰভাৱশালী আৰু বিশিষ্ট ব্যক্তিসকলে কোকাকোলা ফুডমাৰ্কছৰ যাদুকৰী সোৱাদ ল’লৈ উপস্থিত থাকে। এই বিষয়ে কোকাকোলা ইনছৱাৰ বিপণন বিভাগৰ জ্যেষ্ঠ সঞ্চালক কৌশিক প্ৰসাদে কয় যে, “আমি ভাৰতত কোকাকোলা ফুডমাৰ্কছ মুকলি কৰি অতিশয় আনন্দিত হৈছো, কিয়নো ভাৰত সদায়ে নিজৰ চহকী ৰন্ধন ঐতিহ্য আৰু সজীৱ খাদ্য সংস্কৃতিৰ বাবে সুপৰিচিত।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *