ভাৰতত ৩ডি প্ৰিণ্টিঙক গণতান্ত্ৰিক কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে ৩ডি প্ৰিণ্টিং খণ্ডৰ আগশাৰীৰ ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান ডব্লিউঅ’এল৩ডি-এ ভাৰতৰ ৫খন চহৰত নতুন অভিজ্ঞতা কেন্দ্ৰ মুকলি কৰিছে — পুনে, আহমেদাবাদ, ইন্দোৰ, বিজয়াৱাদা, আৰু গুৱাহাটীত উপলব্ধ এই এক্সপেৰিয়েঞ্চ চেণ্টাৰ। এই পদক্ষেপে ৩ডি প্ৰিণ্টিঙক ঘৰুৱা প্ৰিণ্টাৰ আৰু লেপটপৰ দৰেই সুলভ কৰি তোলাৰ বাবে ডব্লিউঅ’এল৩ডিৰ সমৰ্পণৰ ওপৰত জোৰ দিছে। এই কেন্দ্ৰসমূহৰ লক্ষ্য হৈছে ৩ডি প্ৰিণ্টাৰ, কলম(পেন), ফিলামেণ্ট আৰু প্ৰ’ট’টাইপিং সেৱাসমূহত বিভিন্ন অনন্য সুবিধা প্ৰদান কৰি ধাৰণা আৰু নিষ্পাদনৰ মাজৰ ব্যৱধান দূৰ কৰা। গ্ৰাহকে পোনপটীয়াকৈ প্ৰদৰ্শনৰ অভিজ্ঞতা লাভ কৰিব পাৰে আৰু বিক্ৰীৰ পিছৰ শক্তিশালী সমৰ্থন লাভ কৰিব পাৰে।
ডব্লিউঅ’এল৩ডিৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰাহুল চাণ্ডলিয়াই এই বিষয়ে সদৰি কৰি কয় যে, এই কেন্দ্ৰসমূহে ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক অত্যাধুনিক ৩ডি প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্ভাৱন কৰিবলৈ সক্ষম কৰিব। গুৱাহাটী এক্সপেৰিয়েঞ্চ চেণ্টাৰে উত্তৰ-পূবৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্তৰ সূচনা কৰিছে। অঞ্চলটোত প্ৰযুক্তি-চালিত শিক্ষা আৰু উদ্যোগৰ প্ৰতি বৰ্ধিত আগ্ৰহৰ সৈতে এই কেন্দ্ৰটোৱে স্থানীয় ষ্টাৰ্টআপ আৰু শিক্ষানুষ্ঠানসমূহৰ মাজত উদ্ভাৱন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। অসমৰ গ্ৰাহকসকলে ৩ডি প্ৰিণ্টিঙক মূলসুঁতিত গ্ৰহণৰ দিশত এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হিচাপে দৃষ্টি ৰাখে, বিশেষকৈ ডিজাইন, স্থাপত্য আৰু ক্ষুদ্ৰ-স্তৰৰ উৎপাদন খণ্ডত বিশেষভাৱে চৰ্চিত হৈছে।
২০১৭ত স্থাপিত হোৱা ডব্লিউঅ’এল৩ডি-এ নিজৰ পৰিৱেশ-অনুকূল ফিলামেণ্টৰ বাবেও পৰিচিত আৰু ষ্টেম(এছটিইএম) শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এনএছই এছএমই প্লেটফৰ্মত তালিকাভুক্ত আৰু শ্বাৰ্ক টেংক ইণ্ডিয়াত পৰিৱেশিত প্ৰতিষ্ঠানটোৱে মহাকাশ, স্বাস্থ্যসেৱা আৰু অটোমোটিভ খণ্ডত উদ্ভাৱনেৰে আগবাঢ়িছে।