য়ামাহা মটৰ চাইকেলৰ বাবে মন্ত্ৰমুগ্ধকৰ গ্ৰাফিক্স আৰু ৰঙৰ সুযোগ

ইণ্ডিয়া য়ামাহা মটৰে (আইৱাইএম) মটৰচাইকেল লাইন-আপত এক সতেজ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, যাৰ ভিতৰত আছে জনপ্ৰিয় আৰ১৫ভি৪ আৰু এফজেড ছিৰিজৰ মডেল ৰেঞ্জৰ বাবে নতুন ৰঙৰ পছন্দ আৰু প্ৰসাধন সামগ্ৰী বৃদ্ধি কৰা হৈছে। বিক্ৰী বৃদ্ধি কৰা আৰু সমগ্ৰ দেশৰ যুৱ গ্ৰাহকৰ সৈতে শক্তিশালী সংযোগ স্থাপনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। নতুন ৰঙৰ বিকল্পবোৰ প্ৰতিজন গ্ৰাহকৰ জীৱনশৈলীৰ সৈতে মিলাকৈ প্ৰস্তুত কৰা হৈছে, যিয়ে ব্যক্তিগতকৃত যাত্ৰা প্ৰদানৰ লগতে অনুৰাগী বা উৎসাহীসকলক ‘দ্য কল অৱ দ্য ব্লু’ক আকোৱালি ল’বলৈ প্ৰলোভিত কৰিব। এই উন্নীতকৰণ সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ কৰি য়ামাহা মটৰ ইণ্ডিয়া গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ আইশিন চিহানাই কয় যে, “য়ামাহা ‘দ্য কল অফ দ্য ব্লু’ ব্ৰেণ্ড অভিযানৰ সৈতে সংগতি ৰাখি নতুন ২০২৪ মটৰচাইকেল লাইনআপ উন্মোচন কৰিবলৈ অত্যন্ত উৎসাহিত হৈছোঁ।”

২০২৪ৰ বাবে সূচীত আছে স্প’ৰ্টী আৰ১৫ভি৪ মডেলৰ বল্ড ‘ভিভিড মেজেণ্টা মেটালিক’ ৰঙৰ বৈশিষ্ট্য, যি য়ামাহাৰ উচ্চ মানদণ্ডৰ ব্লু স্কোৱাৰ আউটলেটত একচেটিয়াভাৱে উপলব্ধ। সতেজ টোন আৰু স্পৰ্টিয়াৰ গ্রাফিক্সৰ সৈতে বৰ্তমানৰ ৰেচিং ব্লু আৰু মেটালিক ৰেড শ্বেডসমূহত প্ৰসাধনমূলক উন্নীতকৰণ কৰা হৈছে।

য়ামাহাই ২০২৪ চনৰ বাবে নিজৰ এফ জেড ছিৰিজটো নতুন ৰঙৰ সৈতে আপডেট কৰিছে, য’ত আছে ‘ৰেচিং ব্লু’, মেট গ্ৰে, মেট চাইয়ান শ্বেড, ৰগড মেট টাইটান আৰু ‘মেট ব্লেক’ ৰঙৰ সংস্কৰণ। মেট ব্লেক আৰু মেজেষ্টী ৰেড মডেলৰো উন্নতি সাধন কৰা হৈছে। আসনসমূহৰ ৰং চিকচিকিয়া কঠিন ক’লালৈ সলনি কৰা হৈছে, যাৰ ফলত সামগ্ৰিক নান্দনিকতা বৃদ্ধি পাইছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *