সামগ্ৰিক উন্নয়নত উৎকৃষ্টতাৰ বঁটা লাভ দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ

২০১৮ চনত প্ৰতিষ্ঠিত আৰু গুৱাহাটীৰ সেউজ পাহাৰৰ নিৰ্মল পৰিৱেশত অৱস্থিত দ্য গ্ৰীণ স্কুল ইণ্টাৰন্যেশনেলে শেহতীয়াকৈ ২৯ আগষ্ট, ২০২৫ত ভিভান্তাত অনুষ্ঠিত হৈ যোৱা ইকনমিক টাইমছ ইণ্ডাষ্ট্ৰী লিডাৰ্ছ নৰ্থ ইষ্ট ২০২৫ত লাভ কৰিবলৈ সক্ষম হয় ”এক্সিলেন্স ইন হোলিষ্টিক ডেভেলপমেণ্ট’’ বঁটা।  উল্লেখ্য যে, এই সন্মানীয় স্বীকৃতিয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ অটল প্ৰতিশ্ৰুতিক সন্মান জনায়, য’ত শৈক্ষিক উৎকৃষ্টতা, শাৰীৰিক ফিটনেছ, সৃষ্টিশীলতা, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে প্ৰতিজন শিশুৰ সুখ আৰু আনন্দৰ ওপৰত গুৰুত্ব দিয়া হয়।

দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট নেতা, শিক্ষাবিদ আৰু পৰিৱৰ্তনকাৰীসকলৰ উপস্থিতিত এই বঁটা গ্ৰহণ কৰে দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ মেনেজিং ট্ৰাষ্টী সঞ্জয় ঝা আৰু ট্ৰাষ্টী অপাৰেচন জগজিৎ সিনহাই। শিক্ষাক বহনক্ষম আৰু প্ৰাকৃতিক জীৱনশৈলীৰ সৈতে একত্ৰিত কৰাত সদায় বিশ্বাস কৰা প্ৰতিষ্ঠানটোৰ বাবে এই স্বীকৃতি এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

অনুষ্ঠানত সঞ্জয় ঝাই কয়, ‘এই কৃতিত্ব আমাৰ সমগ্ৰ দলটোৰ দায়বদ্ধতা আৰু দৃষ্টিভংগীৰ প্ৰমাণ। ইয়ে আমাৰ বিশ্বাসক আৰু অধিক শক্তিশালী কৰিছে যে শিক্ষা উপভোগ্য, সমৃদ্ধিশালী আৰু আজীৱন উন্নয়নত সহায়ক হোৱা মূল্যবোধৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব।’’

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *