উত্তৰ-পূবৰ আইএইচচিএল হোটেলসমূহে এই নৱবৰ্ষত আগবঢ়াইছে বিশেষ অফাৰ

দাৰ্জিলিঙৰ মাকাইবাৰী চাহ বাগিচাত অৱস্থিত তাজ চিয়া কুটিৰ ৰিজৰ্ট এণ্ড স্পাত আপোনজনৰ সৈতে উদযাপন কৰক নৱবৰ্ষ। গেংটকস্থিত তাজ গুৰাছ কুটিৰ ৰিজৰ্ট এণ্ড স্পাই মনোৰম পূব হিমালয় পাৰ্বত্য অঞ্চল, এক সমৃদ্ধিশালী অঞ্চল আৰু ছিকিমৰ সতেজ পৰশৰ দৃষ্টিনন্দন পৰিৱেশ চোৱা আৰু অভিজ্ঞতা লাভৰ সুযোগ প্ৰদান কৰিছে।

ইফালে গুৱাহাটী-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ভিভাণ্টা গুৱাহাটী হৈছে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক ভ্ৰমণকাৰী, দুঃসাহসিক, জীৱনৰ সুক্ষ্ম বস্তুবোৰৰ অন্বেষণ কৰা লোকসকলৰ বাবে এক অত্যাধুনিক নগৰীয়া প্ৰৱেশদ্বাৰ। ছিকিমৰ পাকয়ঙৰ ভিভাণ্টাই ঘন সেউজভূমি আৰু সুউচ্চ হিমালয়ৰ শৃংগৰ মাজত স্মৰণীয় মুহূৰ্ত আগবঢ়ায়। এই ৰিজৰ্টসমূহে বন্ধৰ আনন্দ, শান্তি আৰু উৎসৱমুখৰ মনোভাৱৰ এক সুন্দৰ মিশ্ৰণ আগবঢ়ায়, যাৰ ফলত আপোনজনৰ সৈতে নৱবৰ্ষ উদযাপন নিখুঁত হৈ পৰে। উত্তৰ-পূৰ্বাঞ্চলৰ আইএইচচিএল হোটেলত বিশেষ অফাৰেৰে আৰম্ভ হ’ব নৱবৰ্ষ।

লাক্সুৰিয়াছ ষ্টেকেচনত আগতীয়াকৈ চেক-ইন আৰু লেট চেক-আউট, দৈনিক ব্ৰেকফাষ্ট, হোটেলৰ ক্ৰেডিট আৰু গাড়ী সেৱাত ৰেহাই প্ৰদান কৰে। ইয়াত ৫ বছৰৰ তলৰ শিশুৰ বাবে বিনামূলীয়াকৈ থকাৰ ব্যৱস্থাও আছে। অতিথিসকলে প্ৰিয়জনৰ সৈতে গালা ডিনাৰৰ সোৱাদ ল’ব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *