শক্তিশালী কৰিছে সম্প্ৰদায়সমূহক : ৭.৮ মিলিয়ন লোকৰ ওপৰত জীৱনত প্ৰভাৱ পেলাইছে আমাজনে

168

আমাজনে বিভিন্ন পদক্ষেপ ৰূপায়ণৰ জৰিয়তে সম্প্ৰদায়বোৰক শক্তিশালী কৰি তুলিছে, এনে পদক্ষেপৰ জৰিয়তে সমগ্ৰ দেশৰ ৭.৮ মিলিয়নৰো অধিক লোকৰ জীৱনলৈ ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। কোম্পানীটোৱে নিজৰ সম্পদ আৰু উদ্ভাৱনী ক্ষমতা ব্যৱহাৰ কৰি কম সেৱা প্ৰাপ্ত লোকসকলক অত্যাৱশ্যকীয় শিক্ষা আৰু দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। আমাজন ফিউচাৰ ইঞ্জিনিয়াৰৰ দৰে পদক্ষেপৰ লক্ষ্য হৈছে কম্পিউটাৰ বিজ্ঞান শিক্ষাৰ ব্যৱধান দূৰ কৰা, বিভিন্ন পৃষ্ঠভূমিৰ যুৱ শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে গুৰুত্বপূৰ্ণ দক্ষতা অৰ্জন কৰাৰ সুযোগ প্ৰদান কৰা। এই শৈক্ষিক প্ৰচেষ্টাসমূহৰ পৰিপূৰক হিচাপে অসংখ্য বৃত্তি কাৰ্যসূচীও আৰম্ভ কৰা হৈছে যাতে আৰ্থিক বাধাৰ বাবে কোনো কাৰণতে গুণগত শিক্ষা বাধাপ্ৰাপ্ত নহয় অথবা সুবিধা ল’বলৈ প্ৰত্যাহ্বান হৈ নুঠে।

আমাজনে আশ্ৰয় আৰু হাইজিন কিট(পৰিচ্ছন্ন সঁজুলি)কে ধৰি দুৰ্যোগ সাহায্য সামগ্ৰীৰ প্ৰি-পজিচনিং আৰম্ভ কৰিছে যাতে ৭২ ঘণ্টাৰ ভিতৰত আৰ্তজন সম্প্ৰদায়ক যোগান ধৰিব পৰা যায়। কোম্পানীটোৱে নিজৰ লজিষ্টিক নেটৱৰ্ক ব্যৱহাৰ কৰি সাহায্য সামগ্ৰীসমূহ সমগ্ৰ দেশতে দক্ষতাৰে লৈ যোৱাৰ পৰিকল্পনা কৰিছে। আমাজন ইণ্ডিয়াৰ উপাধ্যক্ষ তথা কান্ট্ৰী মেনেজাৰ মনীষ তিৱাৰীয়ে এই বিষয়ে কয় যে, “আমি এনে ইতিবাচক পদক্ষেপৰ জৰিয়তে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু বৃহত্তৰ কল্যাণৰ বাবে আমাৰ সম্পদৰ ব্যৱহাৰ কৰি যাম আৰু আমি বাস কৰা আৰু কাম কৰা সম্প্ৰদায়সমূহৰ বাবে সঠিক প্ৰতিবেশী হ’বলৈ প্ৰয়াস কৰি যাম। ”

আমাজন ইণ্ডিয়াই ১৬০+ অ-লাভজনক সংস্থাৰ সৈতে সহযোগিতাৰে ২০+ কাৰ্যসূচী আৰু ১৭০+ প্ৰকল্প ৰূপায়ণ কৰি আহিছে আৰু স্থানীয় মানুহৰ মাজত স্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰি আহিছে। মহিলা আৰু প্ৰতিবন্ধী ব্যক্তিৰ বাবে নিয়োগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিষ্ঠানটোৱে সৰ্বাংগীন অৰ্থনৈতিক বৃদ্ধিৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।