ইমামিয়ে আগবঢ়াইছে স্মাৰ্ট এণ্ড হেণ্ডছাম: পুৰুষৰ গ্ৰুমিঙৰ ভৱিষ্যতৰ বাবে এক বলিষ্ঠ নতুন পৰিচয়

ইমামি লিমিটেডে নিজৰ প্ৰতিষ্ঠিত পুৰুষৰ ব্ৰেণ্ড ফেয়াৰ এণ্ড হেণ্ডছামৰ বাবে এক নতুন পৰিচয় ঘোষণা কৰি অতিশয় আনন্দিত, যি এতিয়া স্মাৰ্ট এণ্ড হেণ্ডছাম হিচাপে নতুনকৈ ব্ৰেণ্ড কৰা হৈছে আৰু বলীউডৰ জনপ্ৰিয়অভিনেতা কাৰ্তিক আৰিয়ানক নিজৰ নতুন ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে। এই গুৰুত্বপূৰ্ণ পৰিৱৰ্তনটোৱে এক সাহসী পদক্ষেপ চিহ্নিত কৰে, যি প্ৰায় দুটা দশক ধৰি পুৰুষৰ সাজ-সজ্জাৰ বজাৰত ব্ৰেণ্ডৰ নেতৃত্ব প্ৰতিফলিত কৰে আৰু অধিক সামগ্ৰিক সাজ-সজ্জা পদ্ধতিৰ দিশত সাংস্কৃতিক পৰিৱৰ্তনক গ্ৰহণ কৰে। গ্ৰাহকৰ পছন্দৰ পৰিৱৰ্তিত হোৱাৰ লগে লগে আজিৰ যুৱকসকলে ছালৰ স্বাস্থ্য আৰু সামগ্ৰিক সুস্থতাক অগ্ৰাধিকাৰ দিছে আৰু স্মাৰ্ট এণ্ড হেণ্ডছামে বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সাজু হৈছে। নতুন অৱস্থান স্থিতি “হৰ ৰোজ হেণ্ডছাম কোড”এ পুৰুষসকলক নিজৰ আত্মবিশ্বাস আৰু ব্যক্তিত্ব দুয়োটা বৃদ্ধি কৰা গ্ৰুমিং সমাধান প্ৰদান কৰাৰ বাবে ব্ৰেণ্ডৰ প্ৰতিশ্ৰুতিক ধৰি ৰাখিছে। কেৱল ভাল দেখাই নহয়, লগতে প্ৰতিদিনে নিজৰ ছালত আত্মবিশ্বাসী অনুভৱ কৰাটোও জৰুৰী। নতুন পৰিচয়ে পুৰুষৰ গ্ৰুমিঙৰ ক্ষেত্ৰত ব্ৰেণ্ডৰ সামগ্ৰিক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে—মুখ, শৰীৰ আৰু চুলিৰ যত্নৰ বাবে ফলপ্ৰসূ সমাধান আগবঢ়ায়। 

নিৰৱচ্ছিন্ন ৰিব্ৰেণ্ডিং ৰূপান্তৰৰ বাবে নতুন পেকেজিঙত সঠিকভাৱে বাৰ্তা বৈশিষ্ট্যযুক্ত হ’ব “ফেয়াৰ এণ্ড হেণ্ডছাম এতিয়া স্মাৰ্ট এণ্ড হেণ্ডছাম”,যিয়ে গ্ৰাহকৰ সৈতে পৰিচিয় আৰু বিশ্বাসক শক্তিশালী কৰি তুলিব। ব্ৰেণ্ডৰ যাত্ৰাৰ এই মাইলৰ খুঁটি পদক্ষেপ  ত্বৰান্বিত কৰিবলৈ জেন-জেডৰ ছুপাৰষ্টাৰ কাৰ্তিক আৰিয়ানক স্মাৰ্ট এণ্ড হেণ্ডছামৰ নতুন মুখ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। ডেকা শক্তি, ষ্টাইল আৰু চমকৰ বাবে পৰিচিত কাৰ্তিকে পুৰুষসকলক  প্ৰতিদিনে নিজকে সৰ্বশ্ৰেষ্ঠ ৰূপত দেখাবলৈ আৰু অনুভৱ কৰিবলৈ উৎসাহিত কৰাৰ ব্ৰেণ্ডৰ নীতি-নিয়মক উজ্জীৱিত কৰি তুলিছে। কাৰ্তিকৰ অনুৰাগীসকলে চহৰ আৰু উদীয়মান বজাৰসমূহৰ যুৱ পুৰুষ লক্ষ্য গ্ৰাহকৰ সৈতে ব্ৰেণ্ডটোৰ সংযোগ শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

“আমি আজিৰ গতিশীল যুৱক-যুৱতীসকলৰ বাবে ৰূপ-সজ্জাৰ প্ৰয়োজনীয়তাৰ এক বিস্তৃত বৰ্ণালী সম্বোধন কৰাৰ এক বৃহৎ সুযোগ দেখিছোঁ। ফেয়াৰ এণ্ড হেণ্ডছামৰ পৰা স্মাৰ্ট এণ্ড হেণ্ডছামলৈ নতুনকৈ ব্ৰেণ্ডিং হৈছে গ্ৰাহকৰ অন্তৰ্দৃষ্টিৰ দ্বাৰা চালিত এক কৌশলগত সিদ্ধান্ত যি আজিৰ যুৱক-যুৱতীসকলৰ মাজত প্ৰাকৃতিক ছালৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যক্তিত্ব, বৈচিত্ৰ্য আৰু আত্মবিশ্বাসৰ প্ৰতি এক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰা হৈছে।  গ্ৰাহকসকলে ক্ৰমান্বয়ে একাধিক নতুন যুগৰ সামগ্ৰীৰ বিন্যাস আৰু সমাধানৰ বাবে মুকলি হৈ পৰিছে, যিয়ে নিজৰ নিজৰ ছালৰ সৰ্বশ্ৰেষ্ঠ সংস্কৰণ প্ৰাপ্ত কৰাত আৰু ৰক্ষণাবেক্ষণ কৰাত সহায় কৰিব পাৰে। নতুন সামগ্ৰী মুকলি আৰু ব্ৰেণ্ডটোৰ শেহতীয়া মুখ হিচাপে কাৰ্তিক আৰিয়ানৰ সৈতে স্মাৰ্ট এণ্ড হেণ্ডছম হিচাপে এই সতেজ পৰিচয় এক ব্যাপক সাজ-সজ্জা সমাধান হিচাপে বিকশিত পুৰুষ ৰূপ-সজ্জা বজাৰত আমাৰ নেতৃত্বক আৰু অধিক দৃঢ় কৰিব বুলি যথেষ্ট বিশ্বাসী।” এইদৰে উল্লেখ কৰে ইমামি লিমিটেডৰ উপাধ্যক্ষ তথা আজীৱন সঞ্চালক মোহন গোৱেংকাই।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *