ডিএছপি মিউচুৱেল ফাণ্ডে মুকলি কৰিলে ডিএছপি নিফটি আইটি ইণ্ডেক্স ফাণ্ড আৰু ডিএছপি নিফটি হেল্থকেয়াৰ ইণ্ডেক্স ফাণ্ড

ডিএছপি মিউচুৱেল ফাণ্ডে দুটা নতুন ইনডেক্স ফাণ্ড ডিএছপি নিফ্টি আইটি ইণ্ডেক্স ফাণ্ড আৰু ডিএছপি নিফ্টি হেল্থকেয়াৰ ইণ্ডেক্স ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই পুঁজিসমূহৰ লক্ষ্য হৈছে বিস্তৃত ইকুইটি বজাৰৰ তুলনাত বিনিয়োগকাৰীসকলক স্থিতিস্থাপকতাৰ বাবে জনাজাত বিশেষ খণ্ডসমূহত বিনিয়োগৰ কৌশলগত উপায় প্ৰদান কৰা। তথ্য প্ৰযুক্তি (আই টি) আৰু স্বাস্থ্যসেৱাৰ দৰে প্ৰতিৰক্ষামূলক খণ্ডসমূহে পূৰ্বৰে পৰা বিস্তৃত ইকুইটি বজাৰৰ তুলনাত কম বিটা প্ৰদৰ্শন কৰে, অৰ্থাৎ বজাৰৰ মন্দাৱস্থা, অৰ্থনৈতিক সংকট বা ভূ-ৰাজনৈতিক পৰিঘটনাৰ দ্বাৰা কম প্ৰভাৱিত হয়। উদাহৰণস্বৰূপে, গোলকীয় বিত্তীয় সংকট (জানুৱাৰী – অক্টোবৰ ২০০৮) আৰু ক’ভিড-১৯ মহামাৰীৰ সময়(জানুৱাৰী – মাৰ্চ ২০২০)ত নিফ্টি হেল্থকেয়াৰ আৰু নিফটি আইটি সূচকাংকই কম নিম্নমুখী আৰু দ্ৰুত উত্থানৰ সন্মুখীন হৈ বিস্তৃত নিফ্টি ৫০০ ইণ্ডেক্সক অতিক্ৰম কৰিছিল।

ডিএছপি নিফটি হেল্থকেয়াৰ সূচকাংক ফাণ্ডে নিফ্টি হেল্থকেয়াৰ সূচকাংকৰ প্ৰতিলিপি/ট্ৰেক কৰিব বিচাৰে আৰু ফ্ৰী-ফ্ল’ট মাৰ্কেট মূলধনীকৰণৰ দ্বাৰা শীৰ্ষ ২০টা হেল্থকেয়াৰ প্ৰতিষ্ঠানত বিনিয়োগ কৰিব। দুয়োটা ফাণ্ডৰ বাবে নতুন ফাণ্ড অফাৰ(এনএফঅ’)ৰ সময়সীমা ২০২৫ৰ ২ জুনৰ পৰা ১৬ জুনলৈকে মুকলি আছে।  ডিএছপি মিউচুৱেল ফাণ্ডৰ পেচিভ ইনভেষ্টমেণ্টছ এণ্ড প্ৰডাক্টছৰ মুৰব্বী অনিল গেলানীয়ে এই বিষয়ে কয় যে, ডিএছপি নিফ্টি আইটি ইণ্ডেক্স ফাণ্ড আৰু ডিএছপি নিফ্টি হেল্থকেয়াৰ ইণ্ডেক্স ফাণ্ডৰ আৰম্ভণিয়ে বিনিয়োগকাৰীসকলক বৃদ্ধিৰ সৈতে বহনক্ষমতাৰ সংমিশ্ৰণ ঘটোৱা খণ্ডসমূহত অংশগ্ৰহণৰ বাবে এক সুষম পদ্ধতি প্ৰদান কৰে।

ডিএছপি মিউচুৱেল ফাণ্ডৰ পেচিভ ইনভেষ্টমেণ্ট আৰু প্ৰডাক্ট শাখাৰ ব্যৱসায়িক মুৰব্বী গুৰজিৎ কালৰাই কয় যে, “বৰ্তমান বিস্তৃত সূচকাংকত প্ৰতিৰক্ষা খণ্ডৰ প্ৰতিনিধিত্ব কম আৰু ইতিহাসে সেই কথা প্ৰমাণ কৰি আহিছে যে যেতিয়া ওজন কম বা নেতিবাচক হয়, তেতিয়া আই টি আৰু হেল্থকেয়াৰৰ দৰে খণ্ডই পিছৰ বছৰত বজাৰক অতিক্ৰম কৰাৰ প্ৰৱণতা থাকে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *