ডিএছপি মিউচুৱেল ফাণ্ডে ভাৰতৰ সমৃদ্ধ বেংকিং খণ্ডক মূলধন হিচাপে গঢ়ি তুলিবলৈ মুকলি কৰিছে ডিএছপি নিফটি বেংক ইণ্ডেক্স ফাণ্ড

ভাৰতৰ সমৃদ্ধিশালী বেংকিং খণ্ডত বিনিয়োগৰ সম্ভাৱনা মুকলি কৰি ডিএছপি মিউচুৱেল ফাণ্ডৰ শেহতীয়া অফাৰ ডিএছপি নিফটি বেংক ইণ্ডেক্স ফাণ্ড মুকলি কৰিছে। নিফটি বেংক সূচকাংকৰ বিষয়ে জানিবলৈ বা অনুসৰণ কৰিবলৈ ডিজাইন কৰা এই অপেন-এণ্ডেড আঁচনিখনে বিনিয়োগকাৰীসকলক একক পুঁজি(ছিংগল ফাণ্ড)ৰ ভিতৰত ১২টা মষ্ট লিকুইড(সৰ্বোত্তম তাৰল্য) আৰু যথেষ্ট পৰিমাণৰ ভাৰতীয় বেংকিং ষ্টকৰ প্ৰদৰ্শন অন্বেষণ কৰিবলৈ এক সুশৃংখলিত পদ্ধতিৰে সবিশেষ উপস্থাপন কৰে। ২০০০ৰ জানুৱাৰী মাহৰ পৰা নিফটি বেংক সূচকাংকই পূৰ্বৰে পৰা সামগ্ৰিকভাৱে নিফটি ৫০ সূচকাংকক আউটপাৰ্ফৰ্ম কৰি ৬৭ গুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, এই একেই সময়ছোৱাত নিফটি ৫০ ইণ্ডেক্স ২১ গুণহে বৃদ্ধি হৈছিল।

কিন্তু শেহতীয়া ট্ৰেণ্ডসমূহে এটা পৰিৱৰ্তনৰ দ্বাৰ মুকলি কৰিছে, কিয়নো নিফটি বেংক সূচকাংকই ৫ বছৰৰ ৰোলিং ভিত্তিত নিফটি ৫০ৰ বিপৰীতে দীৰ্ঘদিনীয়া অনডাৰপাৰ্ফৰ্মেন্স(কম প্ৰদৰ্শন) কৰিছে, পূৰ্বৰ গড় আৰু অন্যান্য খণ্ডৰ তুলনাত এই খণ্ডৰ মূল্যায়নৰ ক্ষেত্ৰত ইয়াক অনুকূলভাৱে স্থান প্ৰদান কৰিছে। ডিএছপি মিউচুৱেল ফাণ্ডৰ পেচিভ ইনভেষ্টমেণ্টছ এণ্ড প্ৰডাক্টছৰ মুৰব্বী অনিল গেলানীয়ে বিশেষভাৱে ভাৰতৰ দৰে দ্ৰুতগতিত উন্নয়নশীল ৰাষ্ট্ৰত অৰ্থনৈতিক বৃদ্ধিৰ বাবে এক শক্তিশালী বেংকিং ব্যৱস্থাৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গেলানীয়ে বিনিয়োগকাৰীসকলক দীৰ্ঘ সময়লৈ সুদূৰপ্ৰসাৰী সম্ভাৱনা থকা ডিএছপি নিফটি বেংক সূচকাংক পুঁজিৰ পৰামৰ্শ দিছে আৰু নিফটি বেংক সূচকাংকৰ দীৰ্ঘম্যাদী প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ইয়াৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছে।

এই নতুন পুঁজিৰ অফাৰ ২০২৪ বৰ্ষৰ ১৫ মে’ত আৰম্ভ হৈছে আৰু অহা ২৭ মে’ত এই অফাৰৰ অন্ত পৰিব, বিনিয়োগকাৰীসকলৰ সীমিত সুযোগ লাভ কৰিবলৈ খৰধৰ কৰক। ডিএছপি মিউচুৱেল ফাণ্ডৰ পেছিভ ফাণ্ডৰ ব্যৱসায়িক মুৰব্বী গুৰজিৎ কালৰাই নিজৰ সামগ্ৰীৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ বাবে ডিএছপিৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিছে, বিনিয়োগকাৰীসকলক সকলো সম্পদ শ্ৰেণীত বিভিন্ন ধৰণৰ বিনিয়োগৰ বিকল্প প্ৰদান কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *