ডিএছপি মিউচুৱেল ফাণ্ডে আগবঢ়াইছে ডিএছপি নিফটি হেল্থকেয়াৰ ইটিএফ

80

ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি নিফটি হেল্থকেয়াৰ ইটিএফ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে নিফটি হেল্থকেয়াৰ সূচকাংকৰ প্ৰতিলিপি/ অনুসৰণ কৰা মুকলি আঁচনি, যিয়ে বিনিয়োগকাৰীসকলক ভাৰতৰ ক্ৰমবৰ্ধমান স্বাস্থ্যসেৱা খণ্ডত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিছে। নিফটি হেল্থকেয়াৰ সূচকাংকই ঔষধ, চিকিৎসালয়, পেথ’লজী, স্বাস্থ্যসেৱা গৱেষণা বিশ্লেষণ আৰু প্ৰযুক্তিৰ দৰে বৈচিত্ৰ্যপূৰ্ণ বিষয়বস্তুসমূহ সামৰি লয়। ই প্ৰতি ৬ মাহৰ মূৰে মূৰে নিফটি ৫০০ ইউনিভাৰ্ছৰ পৰা ফ্ৰী ফ্ল’ট মাৰ্কেট কেপৰ ভিত্তিত শীৰ্ষ ২০টা ষ্টক (স্বাস্থ্যসেৱা খণ্ডৰ কোম্পানী)ক প্ৰতিনিধিত্ব কৰিবলৈ সামঞ্জস্য বা পুনৰ সন্তুলিত কৰিছে।

ভাৰতৰ স্বাস্থ্যসেৱাৰ বজাৰ মূল্য যোৱা ১০ বছৰত প্ৰায় ১০% মান্য হাৰত বৃদ্ধি পাইছে। ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডই বৰ্তমান দেশৰ বজাৰ মূলধনৰ ৫.৮% অংশ অধিকাৰ কৰি আছে, যি হৈছে ভাৰতৰ উন্নত আৰু বৰ্ধিত বজাৰ খণ্ডৰ তুলনাত কম অংশ। কিন্তু চৰকাৰে ২.৫% জিডিপিৰ ২.৫% স্বাস্থ্যসেৱাৰ বাবে আবণ্টন দিয়াৰ পৰিকল্পনা কৰিছে, যাৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাৰ ব্যৱসায়ৰ বাবে এখন স্বাস্থ্যৱান ৰাষ্ট্ৰ আৰু সম্ভাৱ্য সুবিধা প্ৰদান কৰা। স্বাস্থ্যসেৱাত প্ৰত্যক্ষ বিদেশী বিনিয়োগে ১৩ বিত্তীয় বৰ্ষৰ পৰা ২৩ বিত্তীয় বৰ্ষলৈ ৮% চিএজিআৰ বৃদ্ধি হোৱা দেখা গৈছে। এই বিষয়ে ডিএছপি মিউচুৱেল ফাণ্ডৰ মুৰব্বী–পেচিভ ইনভেষ্টমেণ্টছ এণ্ড প্ৰডাক্টছৰ চিএফএ অনিল ঘেলানীয়ে কয় যে, “যদিও নিফটি হেল্থকেয়াৰ সূচকাংক ফাৰ্মাচিউটিকেল, চিকিৎসালয়, পেথ’লজী(ৰোগ বিজ্ঞান) আৰু স্বাস্থ্যসেৱা গৱেষণা আৰু প্ৰযুক্তিৰ মাজত বৈচিত্ৰ্যপূৰ্ণ, এটা খণ্ডৰ পুঁজি হোৱাৰ লগতে ঘূৰি অহাৰ অধিক সম্ভাৱনা প্ৰদান কৰি তুলনামূলকভাৱে অধিক বিপদাশংকা প্ৰদান কৰিব পাৰে।”

ডিএছপি নিফটি হেল্থকেয়াৰ ইটিএফৰ বাবে নতুন পুঁজিৰ অফাৰ ২০২৪ চনৰ ১১ জানুৱাৰীত চাবস্ক্ৰিপচন(সদস্যতা)ৰ বাবে মুকলি হ’ব আৰু ২০২৪ চনৰ ২৫ জানুৱাৰীত বন্ধ হ’ব।