ড০ এছ জয়শংকৰে আফ্ৰিকা দিৱস উদযাপনত ভাৰত-আফ্ৰিকা বণ্ডৰ ওপৰত আলোকপাত কৰিছে

142

নতুন দিল্লীত আয়োজিত আফ্ৰিকা দিৱস উদযাপনত ভাষণ প্ৰদান কৰি বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে আফ্ৰিকাৰ সৈতে ভাৰতৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি উল্লেখযোগ্য কূটনৈতিক সম্প্ৰসাৰণ আৰু উন্নয়নমূলক পদক্ষেপৰ ওপৰত আলোকপাত কৰিছে। মন্ত্ৰী জয়শংকৰে আফ্ৰিকাৰ প্ৰতি ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু পঞ্চম বৃহত্তম অৰ্থনৈতিক দেশ হিচাপে ভাৰতে আফ্ৰিকাক এক স্বাভাৱিক আৰু অপৰিহাৰ্য অংশীদাৰ হিচাপে গ্ৰহণ কৰি আহিছে।” জয়শংকৰে ছ’চিয়েল মিডিয়াত নিজৰ অনুভৱ শ্বেয়াৰ কৰি অনুষ্ঠানটোৰ অংশ হ’বলৈ পাই নিজৰ অনুভূতি প্ৰকাশ কৰি কয় যে, “নতুন দিল্লীত আজিৰ আফ্ৰিকা দিৱস উদযাপন আনন্দৰ একো একোটা সোপান। আহি থকা দিনবোৰতো আফ্ৰিকা ভাৰতৰ শীৰ্ষ অগ্ৰাধিকাৰ হৈ থাকিব।”

মন্ত্ৰী জয়শংকৰে দ্বিপাক্ষিক যোগাযোগৰ ওপৰত আলোকপাত কৰি আফ্ৰিকাৰ ৩৩খন দেশলৈ ই-ভিছাৰ সুবিধা সম্প্ৰসাৰণ আৰু সমগ্ৰ মহাদেশতে ১৬টা নতুন কূটনৈতিক অভিযানৰ শুভাৰম্ভণিকে ধৰি জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। এই সম্প্ৰসাৰণে আফ্ৰিকাত ভাৰতীয় মিছনৰ মুঠ সংখ্যা ৪৫টালৈ বৃদ্ধি কৰি ভাৰতৰ বৰ্ধিত কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰত-আফ্ৰিকা কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আইটিইচি) কাৰ্যসূচীৰ অধীনত সামৰ্থ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী জয়শংকৰে ‘বসুধৈৱ কুটুম্বকম’(সমগ্ৰ বিশ্ব এক পৰিয়াল)ৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক সুদৃঢ় কৰিছে। জয়ংশকৰে উল্লেখ কৰে যে, বিগত দশকত আইটিইচিয়ে ভাৰতৰ বিভিন্ন ক্ষেত্ৰত প্ৰায় ৪০,০০০ আফ্ৰিকান পেছাদাৰী ব্যক্তিক প্ৰশিক্ষণ প্ৰদান কিছে।

উন্নয়নমূলক পদক্ষেপৰ সন্দৰ্ভত ড০ এছ জয়শংকৰে ভাৰতৰ বিস্তৃত অৱদানৰ ওপৰত আলোকপাত কৰে, আফ্ৰিকা মহাদেশৰ ৪৩খন দেশত ইতিমধ্যে ২০৬টা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু ৰেহাইমূলক ঋণৰ অধীনত ১২.৩৭ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ বিভিন্ন প্ৰকল্প ৰূপায়ণ হৈ আছে। এই পদক্ষেপসমূহে ভাৰত-আফ্ৰিকাৰ মাজত দীৰ্ঘদিনীয়া আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্বক শক্তিশালী কৰি বিভিন্ন খণ্ডত আফ্ৰিকান দেশসমূহৰ সৈতে গভীৰ সহযোগিতা গঢ়ি তোলাৰ বাবে ভাৰতৰ সজাগ দৃষ্টিভংগী আৰু নিষ্ঠাক প্ৰতিফলিত কৰিছে।