মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেওগড়ত উদ্বোধন কৰিলে স্কিল ইণ্ডিয়া কেন্দ্ৰ

কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে ওড়িশাৰ দেওগড়ত স্কিল ইণ্ডিয়া চেণ্টাৰ উদ্বোধন কৰি ভৱিষ্যতৰ দক্ষতাৰে যুৱ প্রতিভাৰ সম্ভাৱনাসমূহক ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে৷ এই কেন্দ্ৰটোৰ জৰিয়তে উঠি অহা প্ৰজন্মক অত্যাধুনিক সঁজুলি বা কিট প্ৰদান কৰা বৰ্তমান সময়ৰ সৈতে সজ্জিত কৰাৰ লক্ষ্য ৰাখিছে যাতে নিবনুৱা যুৱক-যুৱতীক বাস্তৱ জগতৰ পৰিস্থিতিত তাত্ত্বিক ধাৰণাসমূহ প্ৰয়োগ কৰিবলৈ, প্ৰখ্যাত সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ, আৰু কৰ্মসংস্থাপন প্ৰদান কৰিব পৰা নিযুক্তিৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম কৰি তোলে।

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথ্য উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, এনএছডিচি একাডেমীয়ে ব্যৱহাৰিক প্ৰয়োগ সঁজুলি প্ৰদান কৰি প্ৰখ্যাত সংস্থাসমূহৰ সৈতে অংশীদাৰিত্বৰে চাকৰি বা কামোত নিযুক্তিৰ সুবিধা প্ৰদান কৰি যুৱ প্ৰতিভাধৰসকলক ভৱিষ্যতৰ দক্ষতাত সহায় কৰিব।কেন্দ্ৰীয় চৰকাৰে ওড়িশাকে ধৰি সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলক দক্ষ আৰু আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ কৰ্মশক্তিত দক্ষতা, পুনৰ দক্ষতা আৰু উন্নীত দক্ষতা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।স্কিল ইণ্ডিয়া চেণ্টাৰে (এছ.আই.চি.) ভাৰতক এক গ্লবেল স্কিল হাবলৈ ৰূপান্তৰ কৰাৰ বাবে মোডী গেৰাণ্টিৰ সৈতে সংগতি ৰাখি ব্যাপক দক্ষতা প্ৰশিক্ষণ প্ৰচেষ্টাৰ জৰিয়তে যুৱ পীড়িৰ সম্ভাৱনা মুকলি আৰু অন্বেষণৰ প্ৰয়াস কৰিছে।

স্কিল ইণ্ডিয়া কেন্দ্ৰ স্থাপনে বিভিন্ন উদ্যোগ, যেনে মিডিয়া, বিনোদন, চামৰা, পৰ্যটন আৰু আতিথ্য তথা তথ্যপ্ৰযুক্তি-আইটিইএছৰ গতিশীল চাহিদাৰ সৈতে সংগতি ৰাখি এক কৌশলগত পদক্ষেপ হিচাপে চিহ্নিত হৈছে. এই কেন্দ্ৰটো ৩২৩৭ বৰ্গফুট এলেকাত প্ৰতিষ্ঠা কৰা হৈছে আৰু ইয়াত অত্যাধুনিক আন্তঃগাঁথনি, সুসজ্জিত ক্লাছৰুম, উন্নত পৰীক্ষাগাৰ আৰু পৃথকীকৃত স্থানৰ ব্যৱস্থা আছে। ইয়াত দহটা পাঠ্যক্ৰমত ব্যৱহাৰিক, হাতে-কামে অভিজ্ঞতাৰ সৈতে শৈক্ষিক জ্ঞান একত্ৰিত কৰি শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *