‘ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙে আয়োজন কৰে মনোমোহা কেক মিক্সিং আৰু ট্ৰি লাইটিং অনুষ্ঠানৰ

২০২৪ বৰ্ষৰ ৮ ডিচেম্বৰত কেক মিক্সিং আৰু ট্ৰি লাইটিং উদযাপনৰ দ্বিতীয় সংস্কৰণৰ সৈতে ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙে ছুটীৰ চিজনক নিজৰ শৈলীৰে আৰম্ভ কৰি এই ঋতুৰ নিখুঁত আৰম্ভণি ঘটাইছে। ইষ্ট খাছি হিলছ জিলাৰ উপ আয়ুক্ত – ৰ’জেট কুৰ্বাহ, শিলচৰ ৰোমান কেথলিক আৰ্কডাইচেছৰ ৰেভাৰ আৰ্চবিশ্বপ – ভিক্টৰ লিংডো, ছেইণ্ট এন্থনী কলেজ শ্বিলঙৰ ৰেক্টৰ – ফাদাৰ জোবি জোচেফ আৰু ৰামব্ৰাই- জীৰ্ণগম-বাজপ পিংৰপকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙৰ জেনেৰেল মেনেজাৰ তুষাৰ নগৰে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, বন্ধৰ সময়খিনি একত্ৰিত হৈ উদযাপন কৰা আৰু আনন্দ বিয়পোৱাৰ ক্ষণ এয়া। এই বছৰ কেক মিক্সিং আৰু ট্ৰি লাইটিং একেলগে আয়োজন কৰি আমি যাদুকৰী মুহূৰ্ত আৰু ইতিবাচক পৰিৱেশ সংযোগেৰে ভৰা এটা সন্ধিয়া সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিলো।”

এই অনুষ্ঠানে বৰদিনৰ সাৰমৰ্ম—আনন্দ, দান আৰু একেলগে থাকি উদযাপন কৰাৰ লগতে অৰ্থপূৰ্ণ অভিজ্ঞতা সাঁচি ৰখাৰ বাবে এই প্ৰয়াসে ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিলে। কেক মিক্সিং আৰু ট্ৰি লাইটিং অনুষ্ঠানৰ দ্বিতীয় সংস্কৰণ ঐক্য, আনন্দ আৰু ছুটীৰ উল্লাসৰ এক অবিস্মৰণীয় সন্ধিয়া হিচাপে পৰিগণিত হয়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *