আনন্দনা আৰু কোকাকোলা ইণ্ডিয়া ফাউণ্ডেচনে ৰাষ্ট্ৰীয় মহিলা হকী লীগ ২০২৪ৰ বাবে হকী ইণ্ডিয়াৰ সৈতে প্ৰথমবাৰৰ বাবে সহযোগিতা কৰাৰ কথা ঘোষণা কৰিছে। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত ৩০ এপ্ৰিলত প্ৰতিযোগিতাখনৰ প্ৰথম পৰ্যায়ৰ আৰম্ভণি হৈছিল আৰু ইয়াৰ সামৰণি পৰিব ২০২৪ চনৰ ৯ মে’ত, ঘৰুৱা লীগত প্ৰতিভাৱান আৰু উদীয়মান এজাক তৰুণে নিজৰ খেলেৰে সকলোকে বিস্মিত কৰি উজলি উঠিছে।

ৰাষ্ট্ৰীয় মহিলা হকী লীগত পুনেৰ চতুৰ্দশ হকী ইণ্ডিয়া ছিনিয়ৰ ৱমেন নেচনেল চেম্পিয়নশ্বিপ ২০২৪ত অংশ লোৱা দলবোৰ আছে, যাৰ ভিতৰত হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, পশ্চিম বংগ, মিজোৰাম, মণিপুৰ আৰু ওড়িশা অন্যতম। এই সহযোগিতাৰ বিষয়ে নিজৰ উত্সাহ ব্যক্ত কৰি হকী ইণ্ডিয়াৰ অধ্যক্ষ ড০ দিলীপ তিৰ্কীয়ে কয় যে, “প্ৰতিযোগিতাখনৰ উদ্বোধনী সংস্কৰণত কোকা-কোলা ইণ্ডিয়া ফাউণ্ডেচন আৰু আনন্দনাক সহযোগী হিচাপে পাই আমি আনন্দিত”।

কোকা-কোলা ইণ্ডিয়াই মহিলা হকী সংস্থাৰ সৈতে অংশীদাৰিত্ব কৰি বিশেষ প্ৰশিক্ষণ, প্ৰশিক্ষণ সঁজুলি, পুষ্টিগত সমৰ্থন, কেম্প আৰু প্ৰতিযোগিতা আয়োজন কৰি এই খেলবিধক উন্নত কৰাৰ লক্ষ্য লৈছে। এই কৌশলগত অংশীদাৰিত্ব প্ৰতিষ্ঠানটোৰ #ছিদ্যডিফাৰেঞ্চ অভিযানৰ সৈতে সংগতি ৰাখে, যিয়ে মহিলাসকলক উদযাপন আৰু সমৰ্থন কৰে। এই ৩ বছৰীয়া সহযোগিতাৰ লক্ষ্য হৈছে ক্ৰীড়া আৰু লিংগ সমতাক ইতিবাচক ৰূপ দি নতুন মাত্ৰা প্ৰদান কৰা।