#বেঞ্চপেবাত অভিযানৰ সৈতে বিশ্ব পৰিৱেশ দিৱস উদযাপন কোকা-কোলা ইণ্ডিয়াৰ

98

বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ বাবে কোকাকোলা ইণ্ডিয়াই #বেঞ্চপেবাত অভিযান আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে মানুহৰ মাজত প্ৰকৃত সংযোগ আৰু কথা-বতৰাৰ মনোভাৱ পুনৰ উজ্জীৱিত কৰি তোলা। কোকা-কোলা ইণ্ডিয়াই নিজৰ ফাউণ্ডেশ্যন আনন্দনাৰ জৰিয়তে ইউনাইটেড ৱে মুম্বাইৰ সৈতে অংশীদাৰিত্বৰে ভাৰতৰ ১০খন চহৰত ৩৮০খন বহনক্ষম বেঞ্চ স্থাপন কৰিছে।

আইচিচি বিশ্বকাপ ২০২৩ৰ সময়ত সংগ্ৰহ কৰা পুনৰ ব্যৱহৃত প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ পৰা প্ৰস্তুত কৰা এই বেঞ্চসমূহৰ লক্ষ্য হৈছে চিৰাচৰিত কথোপকথনক প্ৰাণৱন্ত কৰি তোলা। আৱৰ্জনা অবিহনে এখন পৃথিৱী গঢ়ি তোলাৰ লক্ষ্যৰে কোকা-কোলা ইণ্ডিয়াই এক বৃত্তাকাৰ অৰ্থনীতি(চাৰ্কুলাৰ ইকনমি) আৰু সকলো মানুহৰ সৈতে প্ৰতিষ্ঠানটোৰ সম্পৰ্কৰ প্ৰতি নিজৰ সমৰ্পণ উদযাপন কৰি আহিছে। এই পৰিৱেশ-অনুকূল বেঞ্চবোৰ ৫০ কেজি ওজনৰ পুনৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা হৈছে। ইতিমধ্যে নতুন দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, আহমেদাবাদ, পুনে, ধৰমশালা আৰু লক্ষ্ণৌকে ধৰি ভাৰতৰ ১০খন চহৰৰ বিদ্যালয়, মহাবিদ্যালয়, ৰাজহুৱা উদ্যান আৰু পৌৰ নিগমৰ কাৰ্যালয়ত স্থাপন কৰা হৈছে।

এই অভিযানৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি কোকা-কোলা ইণ্ডিয়া আৰু দক্ষিণ-পশ্চিম এছিয়া(আইএনএছডব্লিউএ)ৰ চিএছআৰ আৰু বহনক্ষমতা বিভাগৰ জ্যেষ্ঠ সঞ্চালক ৰাজেশ আয়াপিল্লাই কয় যে, “আমাৰ #বেঞ্চপেবাত অভিযান হৈছে বহনক্ষমতাৰ বাবে আমাৰ সমৰ্পণৰ এক প্ৰমাণ, কিয়নো আমি আৱৰ্জনাক অৰ্থপূৰ্ণ সামূহিক সম্পদলৈ ৰূপান্তৰ কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ। এই বহনক্ষম পদক্ষেপবোৰে পৰিৱেশৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে আমাৰ প্ৰচেষ্টাৰ একো একোটা প্ৰতীক।”