লণ্ডনস্থিত আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান নথিঙৰ উপ ব্ৰেণ্ড চিএমএফ-এ ২০২৫ৰ ৫ মে’ৰ পৰা দুপৰীয়া ১২ বজাৰ পৰা বহু প্ৰত্যাশিত চিএমএফ ফোন ২ প্ৰ’ৰ আনুষ্ঠানিক বিক্ৰীৰ কথা ঘোষণা কৰিছে। এই ফোনটো ফ্লিপকাৰ্ট, ফ্লিপকাৰ্ট মিনিটছ, বিজয় চেলছ, ক্ৰ’মা আৰু সমগ্ৰ দেশৰ আগশাৰীৰ খুচুৰা বিপণীৰ দৰে বৃহৎ বৃহৎ প্লেটফৰ্মত উপলব্ধ হ’ব। বিশেষ শুভাৰম্ভণি অফাৰ হিচাপে গ্ৰাহকে ১৬,৯৯৯ টকাতকৈ কম মূল্যত চিএমএফ ফোন ২ প্ৰ’ লাভ কৰিব পাৰিব, লগতে থাকিব আকৰ্ষণীয় বেংক আৰু এক্সচেঞ্জ অফাৰ।
২০২৫ৰ ২৮ এপ্ৰিলত বিশ্বজুৰি মুকলি কৰা চিএমএফ ফোন ২-এ ছেগমেণ্টৰ শ্ৰেষ্ঠ থ্ৰী-কেমেৰা চিষ্টেমৰ সৈতে যুগান্তকাৰী হোৱাৰ প্ৰতিশ্ৰুতি দিছে, য’ত আছে উন্নত লাইট-কেপচাৰিং সামৰ্থ্যৰ সৈতে ৫০ মেগাপিক্সেলৰ মূল কেমেৰা, ২০গুণপৰ্যন্ত আল্ট্ৰা জুম কৰিব কৰা ৫০ মেগাপিক্সেলৰ টেলিফ’টো লেন্স আৰু ৮ এমপি আল্ট্ৰা-ৱাইড কেমেৰা ইত্যাদি। এই ডিভাইচটো উন্নীতকৃত মিডিয়াটেক ডাইমেনচিটী ৭৩০০ প্ৰ’ ৫জি প্ৰচেছৰৰ দ্বাৰা চালিত, যিয়ে গধুৰ মাল্টিটাস্কাৰৰ বাবে উন্নত গতি আৰু পৰিৱেশন প্ৰদান কৰে। মাত্ৰ ১৮৫ গ্ৰাম ওজন আৰু মাত্ৰ ৭.৮ মিলিমিটাৰ ডাঠ এই ফোন ২ প্ৰ’ হৈছে নথিঙে ডিজাইন কৰা আটাইতকৈ পাতল আৰু লঘু ডিভাইচ। চাৰিটা ৰং—বগা, ক’লা, কমলা, আৰু পাতল সেউজীয়া ৰঙত উপলব্ধ ফোনটো। এই ফোনটোত পানীৰ স্থায়িত্ব বৃদ্ধিৰ বাবে আইপি৫৪ ৰেটিং দিয়া হৈছে।
স্মাৰ্টফোনৰ চাহিদা বৃদ্ধি পোৱা গুৱাহাটীত চিএমএফ ফোন ২ প্ৰ’ৰ সুলভ মূল্য আৰু অত্যাধুনিক বৈশিষ্ট্যই বাজেট অনুকূল মূল্যত উচ্চমানৰ ডিভাইচ বিচৰা প্ৰযুক্তি অনুৰাগীসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। স্থানীয় খুচুৰা বিক্ৰেতা আৰু অনলাইন প্লেটফৰ্মসমূহে এটা শক্তিশালী মুকলিৰ বাবে সাজু হৈছে, বিশেষকৈ অতিৰিক্ত এক্সচেঞ্জ বোনাছ আৰু বেংক অফাৰৰ প্ৰতি লক্ষ্য ৰাখি ডিভাইচটোৰ বাবে যথেষ্ট আগ্ৰহৰ আশা কৰিছে।