বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সে জলবায়ুৰ বিপদৰ পৰা তৎক্ষণাত সুৰক্ষা প্ৰদান কৰা ভাৰতৰ প্ৰথমটো পেৰামেট্ৰিক বীমা সামগ্ৰী ক্লাইমেটছেফ মুকলি কৰিলে। খুচুৰা গ্ৰাহক, গিগ কৰ্মী, কাৰ্যালয়লৈ অহা-যোৱা কৰা লোক আৰু বিপণীৰ গৰাকীৰ বাবে ডিজাইন কৰা ক্লাইমেটছেফে অত্যধিক বৰষুণ, গ্ৰীষ্ম প্ৰবাহ আৰু শীতল প্ৰবাহৰ দৰে প্ৰতিকূল বতৰৰ পৰিঘটনাৰ ফলত হোৱা আয়ৰ ক্ষতি আৰু অতিৰিক্ত খৰচসমূহ সামৰি লয়। ১০০% ডিজিটেল সামগ্ৰীয়ে তাৎক্ষণিক আঁচনি জাৰি বা কাৰ্যক্ষম কৰাত সহায় কৰে, গোটেই বছৰটোত একাধিক ক্ৰয়ৰ অনুমতি দিয়ে আৰু গ্ৰাহকক অৱগত কৰাৰ প্ৰয়োজন নোহোৱাকৈ ৭ দিনৰ ভিতৰত স্বয়ংক্ৰিয় দাবী নিষ্পত্তি(ক্লেইম চেটলমেণ্ট) প্ৰদান কৰে। গ্ৰাহকসকলে এদিনকৈও কম সময়ৰ ভিতৰত নিজৰ অৱস্থান, বতৰৰ বিপদাশংকা আৰু বীমাৰ ম্যাদ স্ব-বাছনি(ছেল্ফ চিলেক্ট) কৰিব পাৰে। বাস্তৱ-সময়ৰ জলবায়ু তথ্যৰ ওপৰত আধাৰিত গতিশীল মূল্য নিৰ্ধাৰণে সামৰ্থ্য আৰু নমনীয়তা নিশ্চিত কৰে।
বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চুৰেন্সৰ এমডি তথা মুখ্য কাৰ্যবাহী বিষয়া ড০ তপন সিংঘালে কয় যে, “জলবায়ু পৰিৱৰ্তন এতিয়া দূৰৈৰ ভাবুকি নহয়। জলবায়ু সম্পৰ্কীয় ব্যাঘাত বা সমস্যাৰ পৰা জীৱিকা সুৰক্ষিত কৰাৰ বাবে ক্লাইমেটছেফ হৈছে আমাৰ সক্ৰিয় সমাধান।”
অস্বাভাৱিক বতৰৰ দ্বাৰা ক্ৰমান্বয়ে প্ৰভাৱিত গুৱাহাটী মহানগৰীত ক্লাইমেটছেফ সময়োপযোগী সমাধান হ’ব বুলি আশা কৰা হৈছে। চহৰখনৰ বৰ্ধিত খুচুৰা আৰু বৰ্ধিত অৰ্থনৈতিক খণ্ডসমূহ বানপানী আৰু অত্যাধিক গৰমৰ প্ৰতি সংবেদনশীল হোৱাৰ বাবে এই বীমাই এক সুলভ, বাধাহীন সুৰক্ষা জাল প্ৰদান কৰে। বিশেষজ্ঞসকলে গুৱাহাটীৰ বজাৰত শক্তিশালী গ্ৰহণৰ পূৰ্বানুমান কৰিছে য’ত জলবায়ু স্থিতিস্থাপকতা এক গুৰুত্বপূৰ্ণ উদ্বেগ ৰূপে দেখা দিছে।